বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই ভাৰতে প্রথম ইনিংছত শক্তিশালী স্থিতিত উপনীত হৈছে। অপেনাৰ যশস্বী জয়চোৱালৰ অপৰাজিত ১৭৩ ৰাণৰ সহায়ত ভাৰতে দিনান্তত ২ উইকেট হেৰুৱাই ৩১৮ ৰাণ সংগ্ৰহ কৰিছে। দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। যশস্বী জয়ছোৱালৰ অপৰাজিত শতকৰ লগতে ভাৰতৰ সাই সুদৰ্শনে ৮৭ ৰাণ সংগ্ৰহ কৰে। আনহাতে, শুভমন গীলে ২০ ৰাণ কৰি যশস্বী জয়ছোৱালৰ সৈতে নৈশ প্ৰহৰি হিচাপে আছিল। উল্লেখযোগ্য যে বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ভাৰতে ১ ইনিংছ আৰু ১৪৪ ৰানৰ বৃহৎ ৰাণৰ ব্যৱধানত জয়লাভ কৰিছে।
Assamese | October 10, 2025 8:25 PM | Criket
বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত প্রথম ইনিংছত ভাৰত শক্তিশালী স্থিতিত উপনীত