খেল

December 7, 2024 8:20 PM

views 45

আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অধিনায়ক জ্যোতি সিঙৰ নেতৃত্বত ভাৰতীয় দলটোত উপ অধিনায়ক সাক্ষী ৰাণা আৰু চিনিয়ৰ দলৰ হৈ খেলি অহা দিপিকা, বৈষ্ণৱীকে ধৰি খেলুৱৈসকল আছে। যোৱা বছৰ ফাইনেলত দক্ষিণ কোৰিয়াক ...

December 7, 2024 8:18 PM

views 42

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বিধানসভা সমষ্টিভিত্তিক প্রতিযোগিতাসমূহ আজিৰে পৰা বৰপেটা জিলাত অনুষ্ঠিত

অসম চৰকাৰে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বিধানসভা সমষ্টিভিত্তিক প্রতিযোগিতাসমূহ আজিৰে পৰা বৰপেটা জিলাত অনুষ্ঠিত হৈছে। আজি বৰপেটা বিধানসভা সমষ্টিত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ ক্ৰীড়া বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত খনীন্দ্র দাসে এই প্রতিযোগিতা উদ্বোধন কৰে। উদ্বোধনী অনু...

December 7, 2024 8:16 PM

views 22

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত দ্বিতীয় দিনত ভাৰতৰ দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ১২৮ ৰান সংগ্ৰহ

এডিলেইডত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত আজি দ্বিতীয় দিনাৰ খেলৰ অন্তত ভাৰতে দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ১২৮ ৰান সংগ্ৰহ কৰে। আজি দ্বিতীয় দিনৰ খেল আৰম্ভ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই প্রথম ইনিংছত ত্রেভিছ হেডৰ শতকৰ সহায়ত ৩৭৭ ৰান সংগ্ৰহ কৰি ১৫৭ ৰানৰ অগ্ৰগতি লাভ কৰে। ভাৰতে নিজৰ ...

December 7, 2024 12:25 PM

views 32

গুৱাহাটী মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অনমোল খৰবে

ভাৰতৰ উদীয়মান খেলুৱৈ অনমোল খৰবে তীব্ৰ চাপৰ মাজতো ধৈৰ্য প্ৰদৰ্শন কৰি কালি গুৱাহাটী মাষ্টাৰ্ছ ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়নৰ থাইলেণ্ডৰ লালিনৰত চাইৱানক পৰাভূত কৰে। অনমোলে দ্বিতীয় গেমত ১১-১৬, ১৬-২০ ফলাফলৰ পৰা প্ৰত্যাৱৰ্তন কৰি দুটাকৈ মেচ পইণ্ট অৰ্জন কৰে...

December 6, 2024 9:00 PM

views 23

দ্বিতীয় ক্রিকেট টেষ্টৰ প্ৰথম ইনিংছত ভাৰতৰ ১৮০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ ৮৬ ৰান সংগ্ৰহ

এডেলেইডত অনুষ্ঠিত দ্বিতীয় ক্রিকেট টেষ্টৰ আজি প্ৰথম দিনা ভাৰতৰ প্ৰথম ইনিংছৰ ১৮০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই দিনান্তত এক উইকেটৰ বিনিময়ত ৮৬ ৰান সংগ্ৰহ কৰিছে। আজি ভাৰতৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় যদিও মিছেল ষ্টাৰ্কৰ বিধ্বংসী বলিঙৰ সমুখত দ্রুত গতিত উইকেট ...

December 6, 2024 11:02 AM

views 50

বাহৰেইনত আজিৰেপৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতা আৰম্ভ

বাহৰেইনত আজিৰেপৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতা আৰম্ভ হ'ব। ৩ গৰাকী মহিলা ভাৰতীয় ভাৰোত্তলকে এই প্ৰতিযোগিতাত ভাগ ল'ব। অৱশ্যে পুৰুষ শাখাত এই বছৰ কোনো ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাই। অলিম্পিকৰ পদক বিজেতা মীৰাবাই চানু এই প্ৰতিযোগিতাত ভাগ লোৱা নাই। চানুৰ অনুপস্থিতিত জ্ঞানেশ্বৰী য়াদৱে মহিলাৰ...

December 5, 2024 9:07 PM

views 37

মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টনত ভাৰতৰ এম তৰুণ পুৰুষ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

গুৱাহাটীত অনুষ্ঠিত মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ এম তৰুণে পুৰুষৰ শাখাত আৰু কে সাত্বিক ৰেড্ডী আৰু বৈষ্ণৱী খাটকেকাৰৰ মিক্সড ডাবলছৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্রতিযোগিতাখনত আজি অনুষ্ঠিত প্ৰি- কোৱাৰ্টাৰ ফাইনেলত তৰুণে ২৪...

December 5, 2024 8:41 PM

views 39

ব্ৰিছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মহিলা ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ৫ উইকেটত পৰাস্ত

ব্ৰিছবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মহিলা ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৫ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৬ অভাৰ দুটা বলত পাঁচ উইকেটৰ বিনিময়ত অতি সহজে ১০১ ৰানৰ লক্ষ্যত উপনীত হয়। অষ্ট্ৰেলিয়াৰ জর্জিয়া ভলে সৰ্বাধিক ৪৬ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়া...

December 5, 2024 1:13 PM

views 46

পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল

ওমানৰ মাস্কটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কালি অনুষ্ঠিত ফাইনেল খেলত ভাৰতে পাকিস্তানক ৫-৩ গ'লত পৰাস্ত কৰে। খেলখনত অজিৎ সিঙে ৪টা গ'ল দি খেলখনত বিজয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। দিলৰাজ সিঙে এটা গ'ল দিয়ে । পাকিস্তানৰ হৈ ছ...

December 4, 2024 12:39 PM

views 46

গুৱাহাটী মাষ্টাৰ্ছ ২০২৪ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাত আজি অসমৰ ঈষা ৰাণী বৰুৱা অনমোল খাৰ্বেৰ বিৰুদ্ধে অৱতীৰ্ণ

অসমৰ ঈষা ৰাণী বৰুৱাই আজি গুৱাহাটী মাষ্টাৰ্ছ ২০২৪ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাৰ মূল ৰাউণ্ডৰ মহিলাৰ একক শাখাত অনমোল খাৰ্বেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ঈষাৰাণীয়ে আজি বিয়লিৰ ভাগতে প্ৰথম ৰাউণ্ডৰ খেল খেলিব । উল্লেখযোগ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেশ্যনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয় বাৰৰ ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।