খেল

December 9, 2024 9:13 PM

views 37

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ হাইজাম্পত অসমৰ জুবিন গোঁহাইৰ সোণৰ পদক

ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাৰ হাইজাম্প ইভেণ্টত ল'ৰাৰ ১৬ বছৰ অনূৰ্ধ্ব শাখাত অসমৰ জুবিন গোঁহায়ে সোণৰ পদক লাভ কৰিছে। আনহাতে, অসমৰ বৰ্ণিল শৰ্মাই প্ৰতিযোগিতাৰ ১৬ বছৰ অনূৰ্ধ্ব শাখাত ৮০ মিটাৰ হাৰ্ডলছ ইভেণ্টত ১০.৩৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ৰূপৰ পদক অৰ্জন কৰে।

December 9, 2024 2:47 PM

views 68

হংকঙত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ ২০২৪ৰ গ্ৰুপ চিৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলৰ কলম্বিয়াক ২-১৩ পৰাস্ত

চীনৰ হংকঙত অনুষ্ঠিত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ ২০২৪ৰ গ্ৰুপ চিৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলটোৱে কলম্বিয়াক ২-১৩ পৰাস্ত কৰে। দলটো আজি বিয়লি ৩ বজাত আন এখন খেলত বেলজিয়ামৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে, হংকঙে এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজকৰ দায়িত্ব পালন কৰিছে আৰু প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণ...

December 9, 2024 2:02 PM

views 31

অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মহিলা ক্রিকেট দলৰ এদিনীয়া শৃংখলাত ভাৰতক ১২২ ৰানত পৰাস্ত অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মহিলা ক্রিকেট দলৰ মাজত চলি থকা এদিনীয়া শৃংখলাৰ কুইন্সলেণ্ডৰ ব্ৰীছবেনৰ এলেন ব'ৰ্ডাৰ ফিল্ডত অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ১২২ ৰানত পৰাস্ত কৰে। ৩৭২ ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতীয় মহিলা দলটোৱে ৪৪ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৪৯ ৰান সংগ্ৰহ কৰে। এই জয়ৰ জৰ...

December 9, 2024 1:56 PM

views 52

গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাত মহিলাৰ ডাবলছৰ খিতাপ বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ

ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। যুটীটোৱে কেৱল ৪৩ মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লী হুৱা ঝৌ আৰু ৱাং জী মেঙক ২১-১৮, ২১–১২ পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা বেয়া প্ৰদৰ্শ...

December 9, 2024 1:14 PM

views 55

আজি নিশা ৮.৩০ বজাত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত আজি পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ ৬ বাজি ১৫ মিনিটত হ'বলগীয়া পুল-বিৰ আন এখন খেলত চীনা টাইপেই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতে য...

December 8, 2024 6:19 PM

views 54

তেজপুৰ বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টিত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি আৰম্ভ হয়। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই তেজপুৰ প'ল' খেলপথাৰত আয়োজিত দ্বিতীয় খেল মহাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৩খন গাঁও পঞ্চায়ত আৰু এটা নগৰীয় স্থানীয় নিকায়ৰ প্ৰ...

December 8, 2024 5:57 PM

views 41

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত ১০ উইকেটত পৰাস্ত

এডিলেইডত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াই ভাৰতক ১০ উইকেটত পৰাস্ত কৰে। আজি তৃতীয় দিনা ভাৰতে ৫ উইকেটৰ বিনিময়ত ১২৮ ৰানৰ পৰা দ্বিতীয় ইনিংছত খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই ১৭৫ ৰাণ কৰি ১৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। অষ্ট্ৰেলিয়াই ৩ অভাৰ ২ টা বলত কোনো উইকেট নেহেৰু...

December 8, 2024 12:21 PM

views 54

গুৱাহাটীত আই এছ এল ফুটবল প্রতিযোগিতাৰ খেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি

নর্থ-ইষ্ট ইউনাইটেড এফ চি আজি গুৱাহাটীৰ সৰু সজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'বলগা আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে নৰ্থ-ইষ্ট ইউনাইটেড এফ চি কলকাতাত অনুষ্ঠিত প্রথম লেগৰ খেলত মোহন...

December 8, 2024 12:00 PM

views 29

ওমানত হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি ওমানৰ মাস্কতত হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত জ্যোতি সিঙে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলৰ নেতৃত্ব বহন কৰিব। সাক্ষী ৰানা ভাৰতীয় দলৰ উপ-অধিনায়ক হ'ব। প্ৰতিযোগিতাত কালি চীনে গ্রুপ এৰ প্ৰথমখন খেলত বাংলাদেশত ১৯-০ ...

December 8, 2024 11:57 AM

views 51

বিগত দশকত দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি কেন্দ্রীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ প্ৰকাশ

কেন্দ্রীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যোৱাটো দশকত দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি প্ৰকাশ কৰিছে। নাগালেণ্ডৰ ক'হিমাত আয়োজিত এটা অনুষ্ঠানত তেওঁ কয়, যে বিগত সময়ছোৱাত দেশে কেৱল অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে অলিম্পিক, পেৰাঅলিম্পিক আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত গুৰুত্বপূৰ্ণ প্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।