কেন্দ্রীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যোৱাটো দশকত দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি প্ৰকাশ কৰিছে। নাগালেণ্ডৰ ক’হিমাত আয়োজিত এটা অনুষ্ঠানত তেওঁ কয়, যে বিগত সময়ছোৱাত দেশে কেৱল অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে অলিম্পিক, পেৰাঅলিম্পিক আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বী হিচাপে অৱতীৰ্ণ হৈছে। ক্রীড়া ক্ষেত্ৰৰ এই পৰিৱৰ্তন কৌশলগত পৰিকল্পনা, বুনিয়াদি পৰ্যায়ত অংশগ্রহণ আৰু শ্ৰেষ্ঠত্বৰ প্ৰতি থকা দৃঢ় সংকল্পৰ ফলতেই সম্ভৱ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে ই-ক্ৰীড়াৰ সম্ভাৱনাক কেৱল বিনোদনৰ বাবেই নহয়, বৰঞ্চ যুৱপ্ৰজন্ম উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টিৰ বাবে স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে, মন্ত্ৰীগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে কালি ক’হিমাত উপস্থিত হয়।
Assamese | December 8, 2024 11:57 AM | Dr. Manshukh Mandavya
বিগত দশকত দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি কেন্দ্রীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ প্ৰকাশ