December 24, 2024 10:11 AM

views 60

কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াই গুজৰাটৰ বদন নগৰত হ’বলগীয়া মাই ভাৰত সু-শাসন পদযাত্ৰাৰ পতাকা উত্তোলন কৰিব

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি গুজৰাটৰ বদন নগৰত হ'বলগীয়া মাই ভাৰত সু-শাসন পদযাত্ৰাৰ পতাকা উত্তোলন কৰিব। প্রাক্তন প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মবার্ষিকী উপলক্ষে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰক্সা সাদচেও উপস্থিত থাকিব। উল্লেখযোগ্য যে ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আয়োজিত এই অনুষ্ঠানত প্রায় ১৫ হাজাৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। আমাৰ সং...

December 8, 2024 11:57 AM

views 64

বিগত দশকত দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি কেন্দ্রীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ প্ৰকাশ

কেন্দ্রীয় মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যোৱাটো দশকত দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হৈছে বুলি প্ৰকাশ কৰিছে। নাগালেণ্ডৰ ক'হিমাত আয়োজিত এটা অনুষ্ঠানত তেওঁ কয়, যে বিগত সময়ছোৱাত দেশে কেৱল অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে অলিম্পিক, পেৰাঅলিম্পিক আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বী হিচাপে অৱতীৰ্ণ হৈছে। ক্রীড়া ক্ষেত্ৰৰ এই পৰিৱৰ্তন কৌশলগত পৰিকল্পনা, বুনিয়াদি পৰ্যায়ত অংশগ্রহণ আৰু শ্ৰেষ্ঠত্বৰ প্ৰতি থকা দৃঢ় সংকল্পৰ ফলতেই সম্ভৱ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তে...

October 21, 2024 11:17 AM

views 69

অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডº মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম পোৰ্টেল মুকলি কৰিব। এই মঞ্চৰ জৰিয়তে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজে লাভ কৰিব। এই পদক্ষেপৰ প্ৰাথমিক লক্ষ্য হৈছে - একক মঞ্চৰ জৰিয়তে - সক্রিয়ভাৱে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ বাবে থকা সকলো সামাজিক সুৰক্ষা তথা কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীৰ বিষয়ে তথ্য যুগুত কৰা। এই পদক্ষেপে অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলক তেওঁলোকৰ বাবে থকা আঁচনিসমূহ সন্দৰ্ভত সজাগ কৰি তুলিব।  

September 14, 2024 7:08 PM

views 72

ডº মনসুখ মন্দাভিয়াৰ সভাপতিত্বত গুজৰাটত কাইলৈ পশ্চিমৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তৃতীয়খন আঞ্চলিক বৈঠক

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডº মনসুখ মন্দাভিয়াই কাইলৈ গুজৰাটৰ ৰাজকোটত পশ্চিমৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তৃতীয়খন আঞ্চলিক বৈঠকত সভাপতিত্ব কৰিব। বৈঠককালত তেওঁলোকে শ্রম সংস্কাৰ, অসংগঠিত শ্রমিকৰ ই-শ্ৰম ৰাষ্ট্ৰীয় তথ্যকোষ আৰু নিয়োগৰ সুযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহে গ্ৰহণ কৰা মূল পদক্ষেপসমূহৰ ওপৰত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰিব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে চলি থকা আলোচনাৰ অংশ হিচাপে ...

September 14, 2024 2:56 PM

views 56

কাইলৈ গুজৰাটৰ ৰাজকোটত পশ্চিমৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তৃতীয়খন আঞ্চলিক বৈঠকত মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই সভাপতিত্ব কৰিব

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কাইলৈ গুজৰাটৰ ৰাজকোটত পশ্চিমৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তৃতীয়খন আঞ্চলিক বৈঠকত সভাপতিত্ব কৰিব। বৈঠককালত তেওঁলোকে শ্রম সংস্কাৰ, অসংগঠিত শ্রমিকৰ ই-শ্ৰম ৰাষ্ট্ৰীয় তথ্যকোষ আৰু নিয়োগৰ সুযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহে গ্ৰহণ কৰা মূল পদক্ষেপসমূহৰ ওপৰত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰিব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে চলি থকা আলোচনাৰ অংশ হিচাপে ...

July 15, 2024 10:38 AM

views 61

শ্ৰীনগৰ প’ল’ গ্রাউণ্ড ক্রীড়াক্ষেত্ৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মান্দাভিয়াৰ

● কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মান্দাভিয়াই কালি শ্ৰীনগৰ প'ল' গ্রাউণ্ড ক্রীড়াক্ষেত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পাছতেই শ্রীমান্দাভিয়াই চিনথেটিক টার্ফ পৰিদৰ্শন কৰি ১৭ বছৰ অনুৰ্ধৰ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ খেলুৱৈসকলৰ লগতে জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদ, ফুটবল, স্কুল আৰু একাডেমীৰ প্ৰশিক্ষাৰ্থীসকল, ডাউন টাউন হিৰোছ ফুটবল ক্লাৱৰ ল'ৰা আৰু ছোৱালীৰ দল কেইটা তথা বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ফুটবল জনপ্ৰিয় কৰাৰ উদ্দেশ্যে সৰ...

May 29, 2024 7:24 PM

views 52

সঘনাই পানী খাবলৈ আৰু গৰমৰ পৰা নিজকে নিৰাপদে ৰখাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ জনসাধাৰণলৈ আহ্বান

দেশৰ বিভিন্ন অংশত গ্রীষ্ম প্রবাহৰ প্ৰকোপ বৃদ্ধি পোৱালৈ চাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মন্দাভিয়াই জনসাধাৰণক সঘনাই পানী খাবলৈ আৰু গৰমৰ পৰা নিজকে নিৰাপদে ৰখাৰ বাবে শৰীৰত পানীৰ পৰিমাণ অটুত ৰাখিবলৈ আহ্বান জনাইছে। ডাঃ মন্দাভিয়াই সামাজিক মাধ্যমযোগে কৈছে যে ভালেমান ঠাইত গ্ৰীষ্মৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। তেঁও লগতে প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।