শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কাইলৈ গুজৰাটৰ ৰাজকোটত পশ্চিমৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তৃতীয়খন আঞ্চলিক বৈঠকত সভাপতিত্ব কৰিব। বৈঠককালত তেওঁলোকে শ্রম সংস্কাৰ, অসংগঠিত শ্রমিকৰ ই-শ্ৰম ৰাষ্ট্ৰীয় তথ্যকোষ আৰু নিয়োগৰ সুযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহে গ্ৰহণ কৰা মূল পদক্ষেপসমূহৰ ওপৰত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰিব। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে চলি থকা আলোচনাৰ অংশ হিচাপে এই বৈঠক অনুষ্ঠিত কৰা হ’ব। বৈঠকৰ সময়ছোৱাত মুখ্য শ্ৰম আৰু নিয়োগ সংক্ৰান্তীয় বিষয়সমূহ যেনে- অসংগঠিত শ্রমিকৰ বাবে সামাজিক সুৰক্ষাৰ লাভালাভসমূহ সহজলভ্য কৰি তুলিব পৰাকৈ ই-শ্ৰম পৰ্টেল স্থাপন, গৃহ আৰু নিৰ্মাণ কাৰ্যৰ সৈতে জৰিত শ্ৰমিকলৈ কেন্দ্ৰীয় কল্যানমূলক আঁচনিসমূহৰ সম্প্ৰসাৰণকে ধৰি বিভিন্ন বিষয়ত আলোকপাত কৰা হ’ব।
Assamese | September 14, 2024 2:56 PM | Dr. Manshukh Mandavya
কাইলৈ গুজৰাটৰ ৰাজকোটত পশ্চিমৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তৃতীয়খন আঞ্চলিক বৈঠকত মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই সভাপতিত্ব কৰিব