খেল

December 12, 2024 8:34 PM

views 64

হকী ইণ্ডিয়া লীগৰ পোনপটীয়া প্ৰচাৰৰ বাবে প্ৰচাৰ ভাৰতীৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

প্ৰচাৰ ভাৰতীয়ে আজি নতুন দিল্লীত হকী ইণ্ডিয়াৰ নেতৃবৰ্গৰ সৈতে সমাগত হকী ইণ্ডিয়া লীগৰ পোনপটীয়া প্ৰচাৰৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ জৰিয়তে হকী ইণ্ডিয়া লীগক ২০২৪-২৫ৰ পোনপটীয়া প্ৰচাৰৰ বাবে দূৰদৰ্শন অংশীদাৰ কৰা হৈছে। চলিত মাহৰ ২৮ তাৰিখৰ পৰা এই লীগ খেলসমূহ ৰুৰকেলা, ওড়িশা, ৰ...

December 12, 2024 12:07 PM

views 42

ৰাজস্থানত হ’বলগীয়া ছাব জুনিয়ৰ এন টি পি চি ৰাষ্ট্ৰীয় পুৰুষ-মহিলা আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে অসম দলৰ খেলুৱৈৰ নাম ঘোষণা

ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া ৪৪ সংখ্যক ছাব জুনিয়ৰ এন টি পি চি ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা আৰ্চাৰী চেম্পিয়নশ্বিপৰ বাবে অসমৰ দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰা হৈছে। অহা বৰ্ষৰ ৩ৰ পৰা ১০ জানুৱাৰীলৈ হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে অসমৰ ২৪ গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

December 12, 2024 11:56 AM

views 14

স্পেইন, পৰ্তুগাল আৰু মৰক্কোই যৌথভাৱে ২০৩০ বৰ্ষৰ বিশ্বকাপ আয়োজন কৰিব

আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন ফিফাই স্পেইন, পৰ্তুগাল আৰু মৰক্কোই যৌথভাৱে ২০৩০ বৰ্ষৰ বিশ্বকাপ আয়োজন কৰিব বুলি ঘোষণা কৰিছে। বিশ্বকাপত ১০০ সংখ্যক বার্ষিকী উদযাপনৰ উদ্দেশ্যে ২০৩০ চনত আৰ্জেণ্টিনা, পাৰাগুৱে আৰু উৰুগুৱেৰ একোখনকৈ খেল খেলোৱা হ'ব। সংস্থাটোৱে লগতে ২০৩৪ বৰ্ষত ছৌদি আৰৱে পুৰুষৰ বিশ্বকাপ ফুটবল প...

December 12, 2024 11:55 AM

views 27

মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত আজি ভাৰত-থাইলেণ্ড

ভাৰত আজি মাস্কাটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত কালি লীগ পৰ্যায়ৰ নিজৰ তৃতীয়খন খেলত চীনৰ বিৰুদ্ধে ২-১ গ'লৰ ব্যৱধানত পৰাস্ত হয়। এই জয়ৰ সুবাদত চীনে ৯ পইণ্টেৰে পুল এ-ৰ শীৰ্ষস্থান দখল কৰি ছেমিফাইনেলত উপনীত...

December 11, 2024 8:18 PM

views 23

দিল্লীত অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়াত গুৱাহাটীৰ তক্ষীল মজুমদাৰৰ ৰূপৰ পদক অৰ্জন

গুৱাহাটীৰ তক্ষীল মজুমদাৰে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়াত ৰূপৰ পদক অৰ্জন কৰিছে। তক্ষীলে আজি ল'ৰাৰ ১৭ বছৰ অনূৰ্ধ্বৰ কুমিটেৰ ৫০ কিলোগ্রাম ওজন শাখাত এই কৃতিত্ব অৰ্জন কৰে। সদৌ অসম কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতা আৰু সাধাৰণ সম্পাদক আদর্শ চৌধুৰীয়ে খে...

December 11, 2024 8:06 PM

views 20

মহিলা এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক ৮৩ ৰানত পৰাস্ত অষ্ট্ৰেলিয়াৰ

পাৰ্থত অনুষ্ঠিত মহিলা ক্রিকেটৰ এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ৮৩ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই শৃংখলাটোৰ তিনিওখন খেলতে জয়লাভ কৰি অপ্ৰতিৰোধ্য হৈ থাকে। ভাৰতে ২৯৯ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৫ অভাৰ এটা বলত আটাইকেইটা উইকেট ২১৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ স্মৃতি...

December 11, 2024 12:55 PM

views 25

পুৰীত অনুষ্ঠিত নৱম বাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ দলৰ শীর্ষস্থান দখল

ওড়িশাৰ পুৰীত অনুষ্ঠিত নৱম বাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ দলে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নলবাৰী জিলাৰ আঠগৰাকী খেলুৱৈয়ে মুঠ ১৪টা পদক অর্জন কৰিছে। ৰণবীৰ তালুকদাৰে দুটা সোণ, ৰূপজ্যোতি তালুকদাৰে এটা সোণ আৰু এটা ব্ৰঞ্জ, হৰ্ষিত বৰুৱাই এটা ব্রঞ্জ, ছয়নিকা দে...

December 11, 2024 12:50 PM

views 45

হংকঙত চলি থকা বিশ্ব স্কোৱাচ চেম্পিয়নশ্বিপ ২০২৪ৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় মহিলা দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰতীয় মহিলা দলটো আজি চীনৰ হংকঙত চলি থকা বিশ্ব স্কোৱাচ চেম্পিয়নশ্বিপ ২০২৪ৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোৱে কালি ইটালীক ৩-০ পইণ্টত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছিল। ভাৰতৰ আকাংক্ষা চলুংখে, অনাহাতে সিং আৰু নিৰূপমা ডুবেই তেওঁলোকৰ খেলত জয়লা...

December 10, 2024 9:22 PM

views 28

অহা ১৫ ডিচেম্বৰত উত্তৰ গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ১৭ বছৰ অনুৰ্ধৰ যুৱ ফুটবল প্রতিযোগিতাৰ আয়োজন

বাইচুং ভুটিয়া ফুটবল স্কুল আৱাসিক একাডেমীয়ে অহা ১৫ ডিচেম্বৰত উত্তৰ গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ১৭ বছৰ অনুৰ্ধৰ যুৱ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত নির্বাচিত খেলুৱৈসকলে বাইচুং ভুটিয়া ফুটবল স্কুল আৱাসিক একাডেমীত যোগদান কৰাৰ সুযোগ লাভ কৰিব। এই প্রতিযোগিতাখনে যুৱ খেলুৱৈসকলক দক্ষতা প...

December 10, 2024 6:32 PM

views 60

মানাহ বিধানসভা সমষ্টি ভিত্তিক ৩ দিনীয়াকৈ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

বাক্সা জিলাৰ কমলাবাৰী ষ্টেডিয়ামত আজি মানাহ বিধানসভা সমষ্টি ভিত্তিক ৩ দিনীয়াকৈ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হয়। বিধায়ক ফনীধৰ তালুকদাৰে উদ্বোধন কৰা এই অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।