খেল

March 19, 2025 9:24 PM

views 80

২৬ আৰু ৩০ মাৰ্চত বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত আই পি এল

২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত হ’বলগীয়া আই পি এলৰ খেল দুখনৰ বাবে ষ্টেডিয়ামৰ সমীপৰ অস্থায়ী কাউণ্টাৰত টিকট বিক্ৰী হৈ আছে। কালিৰেপৰা টিকট কাউণ্টাৰত ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ টকাত টিকট বিক্ৰী কৰা হৈছে। আজি দ্বিতীয় দিনা কাউণ্টাৰ খোলাৰ কিছু সময়ৰ পাছতে শিক্ষাৰ্থ...

March 19, 2025 12:17 PM

views 57

খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৫ৰ বাবে গীত, শুভংকৰ আৰু ল’গ’ উন্মোচন

নতুন দিল্লীত কালি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ উপস্থিতিত খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৫ৰ বাবে গীত, শুভংকৰ আৰু ল'গ' উন্মোচন কৰা হয়। অহা ২০মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ ৰাজধানী নতুন দিল্লীত পেৰা গেমছ অনুষ্ঠিত হব। কালিৰ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে খেলো ইণ্ডিয়াৰ ...

March 19, 2025 12:03 PM

views 56

কাবাডী বিশ্বকাপত ভাৰত আৰু স্কটলেণ্ডৰ মাজৰ খেলখন ৬৪-৬৪ পইণ্টত ড্র’

কাবাডী বিশ্বকাপত কালি নিশা ইংলেণ্ডৰ উলভাৰহেম্পটনত ভাৰত আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত খেলখন ৬৪ আৰু ৬৪ পইণ্টত ড্র' হয়। খেলখনত ভাৰতে প্ৰথম কেইমিনিটমানৰ ভিতৰতে ৭-৪ত অগ্রগতি লাভ কৰি শক্তিশালী প্ৰদৰ্শন কৰিছিল যদিও পৰৱৰ্তী ৰাউণ্ডত স্কটলেণ্ডেও সমান স্কৰ কৰিবলৈ সমৰ্থ হয় আৰু ৬৪-৬৪ পইণ্টত ৰোমাঞ্চকৰভাৱে খেলখন ...

March 18, 2025 1:09 PM

views 64

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দল কাবাডী বিশ্বকাপ প্রতিযোগিতাৰ নিজ নিজ শাখাত অৱতীৰ্ণ

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে আজি ইংলেণ্ডৰ অ'লভাৰ হেমটনত আয়োজিত চলিত বৰ্ষৰ কাবাডী বিশ্বকাপ প্রতিযোগিতাত নিজ নিজ শাখাত অৱতীৰ্ণ হ'ব। মহিলাৰ দলটোৱে গ্ৰুপ ডিৰ এখন খেলত ৱেলছৰ মুখামুখি হোৱাৰ বিপৰীতে পুৰুষ দলটো গ্ৰুপ-বিৰ এখন খেলত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেল দুখন ক্ৰমে বিয়লি ...

March 18, 2025 1:01 PM

views 43

বিশ্ব শীতকালীন ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক সাক্ষাৎ ৰক্ষা খাড়ছেৰ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাড়ছেই ইটালীৰ টুৰীনত অনুষ্ঠিত বিশেষ অলিম্পিকছ বিশ্ব শীতকালীন ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক কালি সাক্ষাৎ কৰে। প্ৰতিযোগিতাত অংশ লৈ ৮টা সোণ, ১৮টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ মুঠ ৩৩টা পদক অৰ্জন কৰা ভাৰতীয় দলৰ খেলুৱৈসকলক মন্ত্ৰীগৰাকীয়ে...

March 18, 2025 12:59 PM

views 98

২০২৮ চনত অলিম্পিকত বক্সিং খেলক অন্তৰ্ভুক্ত কৰাত অনুমোদন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ২০২৮ চনত লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিকত বক্সিং খেলক অন্তৰ্ভুক্ত কৰাত অনুমোদন জনাইছে। যোৱা মাহত কমিটীখনে বিশ্ব বক্সিং সংস্থাক অস্থায়ী স্বীকৃতি প্ৰদান কৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্তক আদৰণি জনাই বিশ্ব বক্সিঙৰ সভাপতি বৰিছ ভান ডেৰ ভৰ্ষ্টে কয় যে এয়া অত...

March 17, 2025 7:59 PM

views 70

কাবাডী বিশ্বকাপ ২০২৫ ত ভাৰতীয় পুৰুষ দলৰ ইটালীৰ দলটোক ৬৪-২২ পইণ্টৰ ব্যৱধানত পৰাস্ত

ইংলেণ্ডত আজি কাবাডী বিশ্বকাপ ২০২৫ আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় পুৰুষ দলে ইটালীৰ দলটোক ৬৪-২২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কাবাডী বিশ্বকাপৰ উদ্বোধনী খেলখনত ইংলেণ্ডে হাংগেৰীক ১০১-২৫ ফলাফলত পৰাস্ত কৰে। পোনপ্ৰথমবাৰৰ বাবে এছিয়াৰ বাহিৰত আয়োজিত কাবাড়ী বিশ্বকাপত এইবাৰ ৬০ ...

March 17, 2025 1:36 PM

views 33

ইংলেণ্ডত আজিৰে পৰা কাবাডী বিশ্বকাপ ২০২৫; ইটালীৰ বিৰুদ্ধে আজি ভাৰতীয় পুৰুষ দলৰ মেচ

কাবাডী বিশ্বকাপ ২০২৫ আজি ইংলেণ্ডত আৰম্ভ হ'ব। ইটালীৰ বিৰুদ্ধে ভাৰতীয় পুৰুষৰ দলটোৱে উলভাৰহেম্পটনত আজি অভিযান আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে পাঁচ বজাৰ পৰা খেলখন আৰম্ভ হ'ব। সাত দিনীয়া এই প্রতিযোগীতাখনত ৬০খনতকৈও অধিক খেল অনুষ্ঠিত হ'ব। পুৰুষ শাখাৰ প্ৰতিযোগিতাৰ বাবে ১০টা দলক গ্রুপ এ আৰু গ্...

March 17, 2025 12:42 PM

views 31

গুৱাহাটীৰ সৰুসজাই ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা ২৩ বছৰ অনূৰ্ধ্ব প্ৰথম ৰাষ্ট্ৰীয় বাস্কেট বল প্রতিযোগিতা

অসম বাস্কেট বল সংস্থাই ভাৰতীয় বাস্কেট বল ফেডাৰেচনৰ সহযোগত আজিৰে পৰা সৰুসজাই ইনড'ৰ ষ্টেডিয়ামত ২৩ বছৰ অনূৰ্ধ্ব প্ৰথম ৰাষ্ট্ৰীয় বাস্কেট বল প্রতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখনৰ আজি সন্ধিয়া উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ২৪ মাৰ্চত এই প্ৰত...

March 17, 2025 12:41 PM

views 48

বেংককত অনুষ্ঠিত বিংশ বিশ্ব মুৱাইথাই ফেডাৰেচন চেম্পিয়নশ্বিপত অসমৰ লোপামুদ্ৰা বৰাৰ ৰূপৰ পদক অৰ্জন

থাইলেণ্ডৰ বেংককত যোৱা ৯ মাৰ্চৰ পৰা অনুষ্ঠিত বিংশ বিশ্ব মুৱাইথাই ফেডাৰেচন চেম্পিয়নশ্বিপৰ ১৮ বছৰ অনূর্ধ্ব ৪৫ কিলোগ্রাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ লোপামুদ্ৰা বৰাই ৰূপৰ পদক লাভ কৰিছে। গোলাঘাট জিলাৰ সৰুপথাৰৰ ক্ৰীড়াবিদগৰাকীৰ এই সাফল্যত ৰাজ্যবাসীয়ে সন্তোষ প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।