২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত হ’বলগীয়া আই পি এলৰ খেল দুখনৰ বাবে ষ্টেডিয়ামৰ সমীপৰ অস্থায়ী কাউণ্টাৰত টিকট বিক্ৰী হৈ আছে। কালিৰেপৰা টিকট কাউণ্টাৰত ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ টকাত টিকট বিক্ৰী কৰা হৈছে। আজি দ্বিতীয় দিনা কাউণ্টাৰ খোলাৰ কিছু সময়ৰ পাছতে শিক্ষাৰ্থীৰ বাবে মুকলি কৰা ৪০০ টিকটৰ বিক্ৰী সম্পূৰ্ণ হয়। কাইলৈ পুনৰ শিক্ষাৰ্থীৰ বাবে ২০০ টিকট বিক্ৰী কৰা হ’ব। টিকট ক্ৰয়ৰ বাবে শিক্ষার্থীয়ে শিক্ষানুষ্ঠানৰ সঠিক প্ৰমাণপত্ৰ দেখুৱাব লাগিব। আনহাতে, ৩০ তাৰিখৰ খেলখনৰ বাবে সাধাৰণ শ্ৰেণীৰ টিকটো অস্থায়ী কাউণ্টাৰত বিক্ৰী কৰা হৈছে । খেল দুখনৰ বাবে অনলাইনযোগে টিকট বিক্রী প্রায় শেষ হৈছে।
Assamese | March 19, 2025 9:24 PM | Cricket | IPL Cricket
২৬ আৰু ৩০ মাৰ্চত বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত আই পি এল