নতুন দিল্লীত কালি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ উপস্থিতিত খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৫ৰ বাবে গীত, শুভংকৰ আৰু ল’গ’ উন্মোচন কৰা হয়। অহা ২০মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ ৰাজধানী নতুন দিল্লীত পেৰা গেমছ অনুষ্ঠিত হব। কালিৰ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে খেলো ইণ্ডিয়াৰ পদক্ষেপে খেলুৱৈসকলক এখন উল্লেখযোগ্য মঞ্চ প্ৰদান কৰিছে আৰু ইয়াৰ ফলত আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকলে দেশৰ বাবে সুনাম কঢ়িয়াবলৈ সমৰ্থ হৈছে। তেঁও লগতে পেৰা ইণ্ডিয়া গেমছৰ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে খেলো ইণ্ডিয়া পেৰা গেমছত এইবাৰ ১৩০০ৰো অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। কালি উন্মোচন কৰা খেলো ইণ্ডিয়া পেৰা গেমছৰ শুভংকৰ উজ্জৱালাই ৰাজধানী চহৰখনৰ গৌৰৱ আৰু যুঁজাৰু মনোভাৱক প্রতিফলিত কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগীতাত পেৰা আৰ্চাৰী, পেৰা এথলেটিকছ, পেৰা বেডমিণ্টন, পেৰা পাৱাৰলিফটিং, পেৰা শুটিং আৰু পেৰা টেবুল টেনিছকে ধৰি ছটা শাখাত ১৩শ গৰাকীতকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।
Assamese | March 19, 2025 12:17 PM | Khelo India Para Games
খেলো ইণ্ডিয়া পেৰা গেমছ ২০২৫ৰ বাবে গীত, শুভংকৰ আৰু ল’গ’ উন্মোচন