March 18, 2025 1:01 PM | winter games palyer

printer

বিশ্ব শীতকালীন ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক সাক্ষাৎ ৰক্ষা খাড়ছেৰ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাড়ছেই ইটালীৰ টুৰীনত অনুষ্ঠিত বিশেষ অলিম্পিকছ বিশ্ব শীতকালীন ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক কালি সাক্ষাৎ কৰে। প্ৰতিযোগিতাত অংশ লৈ ৮টা সোণ, ১৮টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ মুঠ ৩৩টা পদক অৰ্জন কৰা ভাৰতীয় দলৰ খেলুৱৈসকলক মন্ত্ৰীগৰাকীয়ে অভিনন্দন জনায়। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই পদকসমূহে খেলুৱৈসকলৰ খেলৰ প্ৰতি থকা অগ্ৰহ, পৰিশ্ৰম আৰু দৃঢ়তাৰ পৰিচয় দিয়ে। ৮ বছৰৰ দীৰ্ঘ বিৰতিৰ মূৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ এয়া আছিল দ্বাদশ সংস্কৰণ। ইটালীয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাখনত ভাৰতক ৩০ গৰাকী খেলুৱৈ আৰু ১৯ গৰাকী সহায়কসহ মুঠ ৪৯ জনীয়া এটা দলে প্রতিনিধিত্ব কৰিছিল।