ওড়িশাৰ পুৰীত অনুষ্ঠিত নৱম বাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ দলে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নলবাৰী জিলাৰ আঠগৰাকী খেলুৱৈয়ে মুঠ ১৪টা পদক অর্জন কৰিছে। ৰণবীৰ তালুকদাৰে দুটা সোণ, ৰূপজ্যোতি তালুকদাৰে এটা সোণ আৰু এটা ব্ৰঞ্জ, হৰ্ষিত বৰুৱাই এটা ব্রঞ্জ, ছয়নিকা দেৱীয়ে এটা ৰূপ আৰু এটা ব্ৰঞ্জ, সঞ্জয় তালুকদাৰে এটা ব্ৰঞ্জ, ৰাণু দাস আৰু বৰ্ণাভ কাশ্যপে এটাকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ অৰ্জন কৰিবলৈ সমৰ্থ হয়।
Assamese | December 11, 2024 12:55 PM | Kung Fu | SPORTS
পুৰীত অনুষ্ঠিত নৱম বাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ দলৰ শীর্ষস্থান দখল