নর্থ-ইষ্ট ইউনাইটেড এফ চি আজি গুৱাহাটীৰ সৰু সজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে নৰ্থ-ইষ্ট ইউনাইটেড এফ চি কলকাতাত অনুষ্ঠিত প্রথম লেগৰ খেলত মোহন বাগানৰ হাতত পৰাজিত হৈছিল। মোহন বাগান ছুপাৰ জায়েণ্টে বৰ্তমানলৈ খেলা ৯ খনৰ ভিতৰত ৬ খনত জয়লাভ কৰি ২০ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। নৰ্থ-ইষ্ট ইউনাইটেড এফ চি ১০ খন খেলৰ পৰা ১৫ পইণ্ট লাভ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে।
Assamese | December 8, 2024 12:21 PM | ISL
গুৱাহাটীত আই এছ এল ফুটবল প্রতিযোগিতাৰ খেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি