ব্ৰিছবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মহিলা ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৫ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ১৬ অভাৰ দুটা বলত পাঁচ উইকেটৰ বিনিময়ত অতি সহজে ১০১ ৰানৰ লক্ষ্যত উপনীত হয়। অষ্ট্ৰেলিয়াৰ জর্জিয়া ভলে সৰ্বাধিক ৪৬ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি বেটিং কৰিবলৈ লৈ ৩৪ অভাৰ ২টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০০ ৰান সংগ্ৰহ কৰে। শৃংখলাৰ দ্বিতীয়খন খেল অহা ৮ ডিচেম্বৰত ব্ৰিছবেদনত অনুষ্ঠিত হ’ব।
Assamese | December 5, 2024 8:41 PM | Cricket | India vs Australia | SPORTS
ব্ৰিছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া মহিলা ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ৫ উইকেটত পৰাস্ত