বাহৰেইনত আজিৰেপৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতা আৰম্ভ হ’ব। ৩ গৰাকী মহিলা ভাৰতীয় ভাৰোত্তলকে এই প্ৰতিযোগিতাত ভাগ ল’ব। অৱশ্যে পুৰুষ শাখাত এই বছৰ কোনো ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰা নাই। অলিম্পিকৰ পদক বিজেতা মীৰাবাই চানু এই প্ৰতিযোগিতাত ভাগ লোৱা নাই। চানুৰ অনুপস্থিতিত জ্ঞানেশ্বৰী য়াদৱে মহিলাৰ ৪৯ কিলোগ্রাম শাখাত ভাৰতক প্রতিনিধিত্ব কৰিব। প্ৰতিযোগিতাৰ এই শাখাৰ গ্ৰুপ-এত স্থান লাভ কৰা জ্ঞানেশ্বৰী হৈছে একমাত্ৰ ভাৰতীয় ভাৰোত্তলক। কমনৱেলথ পদক বিজয়ী বিন্দিয়াৰাণী দেৱীয়ে মহিলাৰ ৫৫ কিলোগ্রাম শাখাৰ গ্রুপ-বিত প্রতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে দিতীমণি সোণোৱালে ৬৪ কিলোগ্রাম শাখাৰ গ্ৰুপ-চিত খেলিব।
Assamese | December 6, 2024 11:02 AM | SPORTS | weightlifting
বাহৰেইনত আজিৰেপৰা চলিত বৰ্ষৰ বিশ্ব ভাৰোত্তলন প্ৰতিযোগিতা আৰম্ভ