ওমানৰ মাস্কটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কালি অনুষ্ঠিত ফাইনেল খেলত ভাৰতে পাকিস্তানক ৫-৩ গ’লত পৰাস্ত কৰে। খেলখনত অজিৎ সিঙে ৪টা গ’ল দি খেলখনত বিজয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। দিলৰাজ সিঙে এটা গ’ল দিয়ে । পাকিস্তানৰ হৈ ছুফায়ান খানে দুটা আৰু হন্নান ছাহিদে এটা গ’ল দিয়ে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত হকী ইণ্ডিয়াই কয়, যে ভাৰতীয় খেলুৱৈসকলৰ একাগ্ৰতা, দক্ষতা আৰু সমৰ্পিত মনোভাৱৰ বাবেই এই বিজয় সম্ভৱ হৈ উঠিছে। এই প্রতিযোগিতাত এয়া হৈছে ভাৰতৰ পঞ্চমটো খিতাপ। ইয়াৰ পূৰ্বে ২০০৪, ২০০৮, ২০১৫ আৰু ২০২৩ চনত ভাৰতে বিজয়ীৰ খিতাপ দখল কৰিছিল।
Assamese | December 5, 2024 1:13 PM | Asia Cup Hockey
পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল