আঞ্চলিক সংবাদ

October 6, 2026 12:53 PM

views 15

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ আজি পুৱাৰেপৰা অনুষ্ঠিত হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ প্রক্রিয়া চলি আছে। একেদৰে মৰিগাঁও জিলাৰ ৩ টা ভোটগ্রহণ কেন্দ্রতো পুৱাৰেপৰা ভোটদান চলি আছে। বিজেপি মিত্ৰজোঁটৰ প্রার্থী দেৱাশী...

October 5, 2026 8:36 PM

views 3

গুৱাহাটী ডবা একাডেমীয়ে অনুষ্ঠিত কৰা গুৱাহাটী একাডেমীত দেওবৰীয়া ডবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ

গুৱাহাটী ডবা একাডেমীয়ে কালি অনুষ্ঠিত কৰা গুৱাহাটী একাডেমী দেওবৰীয়া ডবা প্ৰতিযোগিতাত ৰিয়ান নবিছে চেম্পিয়নৰ খিতাপ দখল কৰে। ৰিয়ানে ছখন খেলৰ আটাইকেইখনতে জয়লাভ কৰি সম্পূৰ্ণ ছয় পইণ্ট অৰ্জন কৰে। হেয়ান্স ডেকাই ছখন খেলৰ পৰা ৫.৫ পইণ্ট অৰ্জন কৰি দ্বিতীয় স্থান লাভ কৰে। হিৰণ্য দাসে পাঁচ পইণ্টেৰে তৃতীয় ...

October 5, 2026 8:36 PM

views 7

ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনত দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অধীনত দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ নিৰ্মাণ কাৰ্যৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰে প্ৰথমখন আঁচনিৰ অধীনত কঢ়া নদীৰ মৌখোৱা মথাউৰিৰ উচ্চতা বৃদ্ধি আৰু সবলীকৰণ কাৰ্য ৰূপায়ণ কৰা হ'ব। দ্বিতীয়খন আঁচনিত চাৰিকৰিয়া নদীৰ হুজগাঁও, মাণিকপুৰ, চেতিয়াগাঁও আৰু ...

October 5, 2026 8:10 PM

views 3

কামৰূপৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰীৰ পি এম শ্ৰী আঞ্চলিক হাইস্কুলত অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ফুলগুৰীৰ পি এম শ্ৰী আঞ্চলিক হাইস্কুলত আজি অনুষ্ঠিত বিশেষ সেৱা সংকল্প অভিযানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ১৭ অক্টোবৰলৈ ৰাজ্যত চলি থকা সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে এই অনুষ্ঠানত পি এম পোষণ আঁচনিৰ অধীনত নিয়োজিত ৰান্ধনি আৰু সহা...

October 5, 2026 8:01 PM

views 6

সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন

সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত আজি সেৱা সেতু অভিযানৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। আজি পুৱাৰে পৰা শিবিৰত সেৱাৰ ব্যৱস্থা আৰম্ভ হয়। সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় ...

October 5, 2026 7:54 PM

views 2

পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত পুনৰ এজন লোকক গ্ৰেপ্তাৰ

পাকিস্তান চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰাৰ অভিযোগত অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী মহানগৰৰ সাতগাঁৱৰ এটা ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ বেগুচৰাইৰ ৰিতেশ কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে সুৰক্ষা বাহিনীৰ গ...

October 5, 2026 8:27 PM

views 9

বঙাইগাঁৱত নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বঙাইগাঁৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জিলাখনৰ বিভিন্ন ঠাইত মুঠ ৭১১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কেইবাটাও প্রকল্প আজি মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ উছৰ্গা কৰে। মুখ্য...

October 5, 2026 8:18 PM

views 3

বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন

বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ অংশ হিচাপে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কার্যবাহী সদস্য আৰু এম চি এল এ সকলৰ সৈতে দোতমাৰ তুলুঙাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ...

October 5, 2026 7:56 PM

views 5

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনখনৰ আজি শুনানি গ্ৰহণ কৰে যদিও অহা ৪ নৱেম্বৰলৈ শুনানি গ্রহণ পিছুৱাই দিয়ে। আজিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি ...

October 5, 2026 7:35 PM

views 5

বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিল টার্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভার্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী স...