মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ কাইলৈ অন্তিম দিন। আজিও বহু প্রার্থীয়ে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৪০ খন আসনৰ ভিতৰত ধেমাজি জিলাত ১৭ খন আসনত মুঠ ২ লাখ ৪৫ হাজাৰ ২১৯ গৰাকী মিচিং ভোটাৰ আছে। মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এইবাৰ কোনোধৰণৰ দলীয় প্রতীক নাথাকে। পঞ্চায়ত নিৰ্বাচনৰ দৰেই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ১২ নৱেম্বৰত মনোনয়ন পত্র সমূহ পৰীক্ষা কৰাৰ লগতে বৈধ প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ’ব। ১৬ নৱেম্বৰ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন আৰু সেইদিনাই প্রার্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব। ৩০ নৱেম্বৰৰ পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি চাৰি বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্রয়োজন সাপেক্ষে ১ ডিচেম্বৰত পুনৰ ভোট গ্রহণ কৰা হব। ৩ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হ’ব। নির্বাচনী প্রক্রিয়া সম্পূৰ্ণ কৰাৰ অন্তিম দিন ৫ ডিচেম্বৰ ধাৰ্য্য কৰা হৈছে।
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ৬ লাখ ৩৫ হাজাৰ ৪৯৩ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে ৩ লাখ ১৭ হাজাৰ ২৯৭ গৰাকী পুৰুষ আৰু ৩ লাখ ১৮ হাজাৰ ১৯৪ গৰাকী মহিলা ভোটদাতা। নিৰ্বাচনৰ বাবে এহেজাৰ ৩২ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। আয়োগে প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সর্বোচ্চ সীমা ২ লাখ টকালৈকে ধার্য্য কৰিছে। ইপিনে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ বাবে এক লাখ ৬৩ হাজাৰ ৯৬৬ গৰাকী ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে ৭৯ হাজাৰ ২৯৫ জন পুৰুষ আৰু ৮৪ হাজাৰ ৬৬৭ গৰাকী মহিলা ভোটাদাতা।