ৰাষ্ট্ৰীয়

July 5, 2024 12:53 PM

views 40

ন্যায়াধীশ ছিল নাগোক পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ছিল নাগোক পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই নিযুক্তিত অনুমোদন জনাইছে।

July 5, 2024 12:42 PM

views 36

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অধীনত এন চি ই আৰ টিৰ নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম অব্যাহত

এন চি ই আৰ টিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম পৰিকাঠামোৰ অধীনত নতুন পাঠ্যপুথি প্ৰণয়নৰ কাম অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত নতুন পাঠ্যপুথি প্ৰৱৰ্তন কৰা হ'ব। শিক্ষা মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি নতুন পাঠ্যপুথি প...

July 5, 2024 12:21 PM

views 47

হাথৰাছৰ ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক তদন্ত আয়োগৰ বৈঠক

হাথৰাছৰ ঘটনাৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথৰ নিৰ্দেশত গঠিত তিনিজনীয়া ন্যায়িক তদন্ত আয়োগে কালি লক্ষ্ণৌৰ হজৰতগঞ্জৰ নৈমিষাৰণ্যত এখন বৈঠকত মিলিত হয়। এলাহবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ব্ৰিজেছ কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত গঠিত এই আয়োগত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয...

July 5, 2024 12:19 PM

views 30

ড্রোণ প্ৰযুক্তিৰ বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি পীযুষ গোয়েলৰ মন্তব্য

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে কালি কয় যে, ভাৰতৰ বিকাশত, বিশেষকৈ কৃষি আৰু বতৰ নিৰীক্ষণত ড্রোণে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে। নতুন দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱন সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী গোয়েলে ড্রোণ প্ৰযুক্তিৰ বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে। ড্রোণ খণ্ড...

July 5, 2024 12:16 PM

views 47

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেৰালালৈ ৰাওনা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেৰালালৈ যাব। শ্ৰী ধনখড় কাইলৈ ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দ্বাদশ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

July 5, 2024 12:14 PM

views 40

অহা ৮ জুলাইত চাৰি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ জুলাইত চাৰি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে শ্ৰী মোদী ৮ জুলাইত মস্কোত উপস্থিত হ'ব। দুয়োগৰাকী নেতাই সাম্প্...

July 4, 2024 8:58 PM

views 59

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে আজি ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে মন সম্পন্ন আৰু নিয়ন্ত্ৰণৰ পৰিকাঠামো বিকশাই তোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে কৈছে যে, এই আঁচনি ২০২৫-২৬ বিত্তীয় বর্ষলৈকে ২০০ কোটি টকা ব্যয়...

July 4, 2024 8:30 PM

views 61

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেনৰ শপতগ্রহণ

ঝাৰখণ্ড মুক্তিমৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্রহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। কলা ধন বৈধকৰণ কৰাৰ অভিযোগৰ এটা গোচৰত উচ্চ ন্যায়ালয়ে তেওঁক জামিনত মুকলি কৰাৰ পাছত তেও...

July 4, 2024 8:25 PM

views 41

আজিৰেপৰা ৩০ ছেপ্তম্বৰলৈ তিনি মাহ জোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ

নীতি আয়োগে সমগ্ৰ দেশৰ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত ৬ টা ঘাই সূচকৰ ক্ষেত্ৰত পৰিপূৰ্ণতাৰ লক্ষ্য উপনিত হোৱাৰ অৰ্থে নিৰন্তৰ প্ৰয়াস চলোৱাৰ উদ্দেশ্যে আজিৰেপৰা ৩০ ছেপ্তম্বৰলৈ তিনি মাহ জোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ জৰিয়তে অভিলাষী জিলা কাৰ্যসূচী আৰু অভিলাষী খণ্ড কাৰ্যসূচীৰ অধীনত ...

July 4, 2024 8:22 PM

views 49

৮ জুলাইত প্রধানমন্ত্ৰী মোদীৰ ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ জুলাইত ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্রহণ উদ্দেশ্যে শ্রী মোদী ৮ জুলাইত মস্কোত উপস্থিত হ'ব। দুয়োগৰাকী নেতাই সাম...