ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিকছৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত কালি জয়পুৰ ঘোষণাপত্র সৰ্বসম্মতিক্রমে গ্রহণ কৰা হয়। এই ঘোষণাপত্রই ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পর্যটন সহযোগিতা শক্তিশালী কৰাৰ পৰিকাঠামো প্ৰদান কৰে। ঘোষণাপত্ৰত পর্যটনত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, বহনক্ষম পর্যটন পদ্ধতি, দক্ষতা বিকাশ আৰু নিৰৱচ্ছিন্ন ভ্ৰমণৰ সুবিধাকে ধৰি সহযোগিতাৰ মূল ক্ষেত্ৰসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে।
ৰাজস্থানৰ জয়পুৰত কেন্দ্ৰীয় সাংস্কৃতিক আৰু পর্যটন মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱাটৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত অনুষ্ঠিত হয়।
বৈঠকত ভাষণ দি শ্রী শ্বেখাৱাটে কয় যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ দিশে যাত্রাত পর্যটনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ইয়াৰ দ্বাৰা প্ৰধান নগৰ কেন্দ্ৰসমূহৰ বাহিৰেও চহৰ, গাঁও আৰু দুর্গম অঞ্চললৈ অর্থনৈতিক বিকাশ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এই খণ্ডই হোটেল আৰু হোমষ্টে, টেক্সি অপাৰেটৰ, পৰ্যটক গাইড, শিপিনী, কৃষক, উদ্যোগী আৰু লাখ লাখ পৰিয়ালৰ বাবে সুযোগ সৃষ্টি কৰে। তেওঁ আর্থিকভাৱে সমৃদ্ধিশালী, পৰিৱেশৰ প্ৰতি দায়বদ্ধ, প্রযুক্তিগতভাৱে সক্ষম আৰু সাংস্কৃতিকভাৱে প্রামাণিক পৰ্যটন পৰিৱেশ তন্ত্র গঢ়ি তোলাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ সন্দৰ্ভত আলোকপাত কৰে।
জয়পুৰ ঘোষণাপত্রই চাৰিটা মূল অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে, কৃত্ৰিম বুদ্ধিমত্তা আৰু পর্যটন, বহনক্ষমতা আৰু দায়িত্বশীল পর্যটন, পর্যটন দক্ষতা আৰু সামর্থ্য বিকাশ, আৰু পৰ্যটন বিনিময় আৰু নিৰৱচ্ছিন্ন ভ্রমণ সুবিধা। এই ঘোষণাপত্রই পর্যটন খণ্ডক ৰূপান্তৰিত কৰাৰ বাবে দায়িত্বশীল, নিৰাপদ আৰু মানৱকেন্দ্রিক কৃত্রিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ সম্ভাৱনাক স্বীকৃতি দিয়ে। ই পর্যটন পৰিকল্পনা, গন্তব্যস্থান ব্যৱস্থাপনা, দর্শনার্থী সেৱা, বহুভাষিক যোগাযোগ আৰু ভ্ৰমণৰ সুবিধাৰ দৰে ক্ষেত্ৰত সহযোগিতাক সমর্থন কৰে।
এই বৈঠকত ব্ৰিকছৰ ৯খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ব্রাজিলৰ পৰ্যটন মন্ত্ৰী গুস্তাভো কোষ্টা ফেলিচিয়ানো; ইৰাণৰ সাংস্কৃতিক ঐতিহ্য, পর্যটন আৰু হস্তশিল্প মন্ত্ৰী ৰেজা ছালেহি আমিৰী, দক্ষিণ আফ্ৰিকাৰ পর্যটন মন্ত্রী পেট্রিচিয়া ডি লিল আৰু ইউ এ ইৰ অৰ্থনীতি আৰু পৰ্যটন মন্ত্রী আব্দুলা বিন টৌক আল মাৰী উপস্থিত আছিল। চীন, ইথিওপিয়া, ইণ্ডোনেছিয়া আৰু ৰাছিয়াৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে।
ব্ৰিকছৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত ভাষণ দি কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শ্বেখাৱাটে কয় যে, বৈঠকত গ্ৰহণ কৰা জয়পুৰ ঘোষণাপত্রই ব্রিকছ ৰাষ্ট্ৰসমূহৰ যৌথ কৌশল আৰু সহযোগিতা শক্তিশালী কৰিব আৰু পৰ্যটনৰ ক্ষেত্ৰত নতুন সুযোগ মুকলি কৰিব। তেওঁ পর্যটন খণ্ডত কৃত্রিম বুদ্ধিমত্তাৰ অধিক ফলপ্রসূ ব্যৱহাৰৰ আহ্বান জনায়। তেওঁ দায়িত্বশীল পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে এই খণ্ডত দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্রীশ্বেখাৱাটে কয় যে বিগত দশকত ভাৰত ভ্ৰমণলৈ অহা পৰ্যটকৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে এই পদক্ষেপসমূহৰ দ্বাৰা জয়পুৰেও যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনা আছে।
এই বৈঠকৰ জৰিয়তে ভাৰতে পৰ্যটন সহযোগিতা অধিক আগুৱাই নিয়াৰ বাবে ব্রাজিল, ইৰাণ, দক্ষিণ আফ্রিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।