হাথৰাছৰ ঘটনাৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথৰ নিৰ্দেশত গঠিত তিনিজনীয়া ন্যায়িক তদন্ত আয়োগে কালি লক্ষ্ণৌৰ হজৰতগঞ্জৰ নৈমিষাৰণ্যত এখন বৈঠকত মিলিত হয়। এলাহবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ব্ৰিজেছ কুমাৰ শ্ৰীবাস্তৱৰ নেতৃত্বত গঠিত এই আয়োগত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হেমান্ত ৰাও আৰু ভাৰতীয় আৰক্ষীসেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ভবেশ কুমাৰক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বৈঠকৰ অন্তত ন্যায়াধীশ শ্রীবাস্তৱে সাংবাদিকৰ আগত কয় যে তেওঁলোক শীঘ্ৰে এই ঘটনাৰ তদন্তৰ বাবে হাথৰাছলৈ ৰাওনা হ’ব। আয়োগে দুমাহৰ ভিতৰত ঘটনাৰ প্ৰতিবেদন প্রস্তুত কৰিব আৰু চৰকাৰক দাখিল কৰিব।
Assamese | July 5, 2024 12:21 PM | Uttar Pradesh's Hathras
হাথৰাছৰ ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক তদন্ত আয়োগৰ বৈঠক