গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূখণ্ড হিচাপে দেখুওৱাক লৈ বিভিন্ন দল-সংগঠনৰ প্রতিক্রিয়া

গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূখণ্ড হিচাপে দেখুওৱাক লৈ বিভিন্ন দল-সংগঠনে প্রতিক্রিয়া ব্যক্ত কৰিছে। অসমৰ জোনাই আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱর্তী ককচিন চেক গে’টৰ পৰা ঐৰামঘাটলৈ প্ৰায় ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত অঞ্চলৰ অসমৰ ভূমি অৰুণাচল প্ৰদেশৰ ভূখণ্ড হিচাপে দেখুওৱা হৈছে। তদুপৰি সীমান্তৱর্তী কেমি গাঁও সম্পূৰ্ণৰূপে অৰুণাচল প্ৰদেশৰ অন্তর্ভুক্ত হিচাপে দেখুওৱাৰ লগতে প্ৰস্তাৱিত পবা বনাঞ্চল তথা ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা অসমৰ ফালে থকা গাঁওসমূহৰ প্রায় ২০০ মিটাৰ পৰ্যন্ত ভূমিও গুগল মেপত অৰুণাচল প্ৰদেশৰ ভিতৰত দেখুওৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা স্থানীয় ৰাইজে গুগল মেপৰ এনে বিসংগতিৰ ফলত ভৱিষ্যতে সীমান্তৱর্তী অঞ্চলত দুয়োখন ৰাজ্যৰ স্থানীয় লোকৰ মাজত ভুল বুজাবুজি বা সংঘাতৰ সৃষ্টি হোৱাৰ আশংকা প্রকাশ কৰিছে। এনে পৰিপ্ৰেক্ষিতত অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে পৰীক্ষা কৰি গুগল মেপত প্রদর্শিত সীমা সম্পর্কীয় তথ্যৰ প্ৰয়োজনীয় সংশোধন ঘটাবলৈ ছাত্র সংগঠনটোৱে আহ্বান জনাইছে।