August 22, 2026 1:10 PM | Assam Situation

printer

শ্বিলঙত হোৱা আক্ৰমণৰ ঘটনাক লৈ তৃতীয় দিনাও অসমৰ চালকসকলৰ যোৰাবাটত প্রতিবাদ

মেঘালয়ৰ ৰাজধানী শ্বিলঙত যোৱা বুধবাৰে অসমৰ গাড়ীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ আজি তৃতীয় দিনাও অসমৰ চালকসকলে যোৰাবাটত প্রতিবাদ অব্যাহত ৰাখিছে। প্রতিবাদী চালকসকলে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীৰ চলাচল সম্পূর্ণরূপে বন্ধ কৰি দিছে। ইয়াৰ ফলত মেঘালয়লৈ অহা-যোৱা কৰা ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ইপিনে, অসম-মেঘালয়ৰ শেহতীয়া উত্তেজনাপূর্ণ পৰিস্থিতি সন্দৰ্ভত আজি কইনাধৰাত দুয়োখন ৰাজ্যৰ মাজত এখন বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ লগতে অসমৰ সীমান্ত উন্নয়ন মন্ত্রী অতুল বৰা আৰু মুখ্য সচিব ৰবি কোটা উপস্থিত থকাৰ কথা।