দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্রীয় গ্রাম্য জীৱিকা অভিযান- DAY-NRLM ৰ অধীনত কালিৰ পৰা চলিত বৰ্ষৰ ২১ নৱেম্বৰলৈ কেন্দ্ৰীয় চৰকাৰে আৰু তিনি মাহৰ বাবে ঔদ্যোগীকৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ দ্বিতীয় পর্যায় আৰম্ভ কৰিছে। গ্রামোন্নয়ন মন্ত্র্যালয়ে কয়, যে এই অভিযানে মহিলাৰ ঔদ্যোগীকৰণ শক্তিশালী কৰিব আৰু ছয় কোটি লাখপতি বাইদেউ সৃষ্টিৰ লক্ষ্যত অৰিহণা যোগাব। ইয়াৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত উদ্যোগীকৰণৰ প্ৰসাৰ, উদ্যোগৰ প্ৰচাৰ, ডিজিটেল আৰু ই কমার্চ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উৎপাদনক গোটক শক্তিশালী কৰা আদি দিশত গুৰুত্ব আৰোপ কৰা হ’ব। মন্ত্র্যালয়ে লগতে উল্লেখ কৰে যে, এই অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক ঔদ্যোগীকৰণ আৰু জীৱিকাৰ প্ৰশিক্ষণ, আত্মসহায়ক গোটৰ মহিলাৰ পৰিয়ালৰ পাঁচ লাখ কিশোৰীৰ তথ্য কোষ সৃষ্টি কৰা, ৫০ হাজাৰ উদ্যোগৰ বাবে আনুষ্ঠানিক স্বীকৃতি, দুই লাখ সদস্যৰ দ্বাৰা উৎপাদক গোট আৰু ২০ লাখ মহিলাৰ মাজত কৃষি পৰিৱেশ বিজ্ঞানৰ পদ্ধতিৰ তথ্য কোষ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে।
Assamese | August 22, 2026 12:59 PM | DAY-NRLM Time increase
DAY-NRLMৰ আৰু তিনি মাহৰ বাবে ঔদ্যোগীকৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ দ্বিতীয় পর্যায় আৰম্ভ