August 22, 2026 1:53 PM | MBBS Entrance

printer

১০০ গৰাকী MBBS শিক্ষার্থীক নামভৰ্তিৰ অনুমতিৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক অনুমোদন

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে ১০০ গৰাকী এম বি বি এছ শিক্ষার্থীক নামভৰ্তিৰ অনুমতিৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাবে অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। ইয়াৰ লগে লগে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ে ৰাজ্যৰ পঞ্চদশ চিকিৎসা মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিলে। ইয়াৰ ফলত ৰাজ্যৰ এম বি বি এছ আসনৰ সংখ্যা এহেজাৰ ৯২৫ লৈ বৃদ্ধি পালে। মুখ্যমন্ত্রী ড° শর্মাই অসমক চিকিৎসা শিক্ষাৰ কেন্দ্র হিচাপে গঢ়ি তোলাৰ যাত্রাত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এই স্বীকৃতি উল্লেখযোগ্য মাইলৰ খুঁটি বুলি প্রকাশ কৰিছে। তেওঁ এইক্ষেত্ৰত নিৰন্তৰ সহযোগিতা আগবঢ়োৱাৰ বাবে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাক কৃতজ্ঞতা জ্ঞাপন কৰে।