প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে সংস্কাৰ বাধ্যতামূলক নহয়, বৰং ই চৰকাৰৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধতাহে। যি প্রতিশ্রুতিয়ে জনসাধাৰণ, বিকাশ আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধ হৈ ইয়াৰ নীতি নির্ধাৰণ কৰে।
নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ বন্ধু লিডাৰ্ছ মঞ্চত ভাষণ দি প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে সংস্কাৰৰ ক্ষেত্ৰত এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰিছে। যাৰ জৰিয়তে প্ৰশাসনৰ সকলো পৰ্যায়তে সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয়, যে নীতি নির্ধাৰণৰ ক্ষেত্ৰত কৰা সংস্কাৰে দেশৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰিব।
প্রধানমন্ত্রী শ্রী মোদীয়ে আঙুলিয়াই দিয়ে যে তেওঁৰ চৰকাৰে কেৱল নীতি নিয়ম সলনি কৰাই নহয়, বৰং ইয়াৰ আৰৰ সম্পূৰ্ণ ভাবনাকে সলনি কৰা হৈছে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় মুদ্রা কোষৰ তথ্য অনুসৰি ভাৰত পৃথিৱীৰ সবাটোকৈ দ্রুত গতিত বৃদ্ধি হোৱা অৰ্থব্যৱস্থাৰ দেশসমূহৰ অন্যতম এখন ৰূপে পৰিগণিত হোৱাৰ পথত গৈ আছে।
প্রধানমন্ত্রী শ্রী মোদীয়ে এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যতৰ মন্ত্র উল্লেখ কৰি কয়, যে পৃথিবীৰ সকলো দেশৰে ভৱিষ্যৎ আন এখন দেশৰ সৈতে জড়িত হৈ আছে। স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ বিকাশৰ ক্ষেত্রত সাতটা প্রধান ক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰে ভিতৰত নিৰ্মাণখণ্ড, কৃষি আৰু খাদ্য প্ৰসংস্কাৰণ, প্রযুক্তি আৰু উদ্ভাৱন, সেউজ শক্তি আৰু নীলা অর্থব্যৱস্থাক অন্তর্ভুক্ত কৰা হৈছে।
প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে বিগত ১২ বর্ষত দেশৰ প্ৰায় ২৫ কোটি লোক দাৰিদ্ৰতাৰ পৰা মক্ত হৈছে।
তেওঁ ডিজিটেল ক্ষেত্রখনত ভাৰতৰ প্ৰগতি আৰু ৫-জিৰ দ্রুত বিস্তাৰৰ কথা উল্লেখ কৰে। প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে দেশৰ ৫০ লাখতকৈও অধিক পৰিয়াল প্রধানমন্ত্রী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোগান আঁচনিৰ জৰিয়তে উপকৃত হৈছে। প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে পি এম কুসুম আঁচনিৰ জৰিয়তে কৃষকসকল বিজুলী বিলৰ পৰা ৰেহাই পাইছে। তেওঁ কয়, যে চৰকাৰে যুৱক-যুবতী, মহিলা, কৃষক আৰু মধ্যবিত্ত শ্রেণীৰ জীবন সহজ আৰু সুন্দৰ কৰি তুলিবলৈ অহর্নিশে কাম কৰি আহিছে। তেওঁ লগতে কয়, যে ভাৰতৰ প্ৰগতিয়ে বিশ্বৰ স্থিৰতা শক্তিশালী কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।