ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা মাহৰ ৫ তাৰিখে ৪৮ গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। শিক্ষা মন্ত্র্যালয়ে জনোৱা অনুসৰি বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটা পৰ্যায়ৰ বাচনি প্ৰক্ৰিয়াৰ জৰিয়তে এই শিক্ষকসকলক নির্বাচিত কৰিছে। নির্বাচিত ৪৮ গৰাকী বিদ্যালয় শিক্ষক দেশৰ ২৭ খন ৰাজ্য, ৭ খন কেন্দ্রীয় শাসিত অঞ্চল আৰু ছটা সংগঠনৰ। এই শিক্ষকসকলৰ ভিতৰত ২৬ গৰাকী পুৰুষ শিক্ষক আৰু ২২ গৰাকী মহিলা শিক্ষয়িত্রী আছে। মন্ত্র্যালয়ে জনোৱা অনুসৰি ২০২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষকৰ পৰা অনলাইন স্ব-মনোনয়ন দাখিলৰ বাবে চলিত বৰ্ষৰ ১৫ জুনৰ পৰা ২০ জুলাইলৈ শিক্ষা মন্ত্ৰ্যালয়ৰ পোর্টেল nationalawardstoteachers.education.gov.in খুলি দিয়া হৈছিল। দূৰদৰ্শন আৰু স্বয়মপ্রভা চেনেলযোগে এই বঁটা প্রদান অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব।
Assamese | August 22, 2026 1:00 PM | National teachers award
৫ ছেপ্তেম্বৰত ৪৮ গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে