আন্তৰ্জাতিক সংবাদ

August 10, 2025 7:26 PM

views 61

পাকিস্তানে ভাৰতৰ বিমানৰ বাবে আকাশমার্গ বন্ধ কৰি দিয়াত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন

পাকিস্তানে ভাৰতৰ বিমানৰ বাবে ইয়াৰ আকাশমার্গ বন্ধ কৰি দিয়াৰ পাছত যোৱা ২৪ এপ্ৰিলৰ পৰা ৩০ জুনৰ সময়ছোৱাত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। দেশখনৰ নেচনেল এছেম্বলিত চলিত সপ্তাহত এই তথ্য প্ৰকাশ কৰা হৈছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রালয়ে এই সন্দৰ্ভত কয় যে এনে লোকচান হোৱা সত্তেও চৰকাৰে ৰাষ্ট্ৰীয় নিৰ...

August 10, 2025 11:29 AM

views 54

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত ১৫ আগষ্টত আলাস্কাত হ’বলগীয়া আলোচনাৰ প্ৰতি ভাৰতৰ আদৰণি

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত অহা ১৫ আগষ্টত আলাস্কাত হ'বলগীয়া আলোচনাৰ প্ৰতি ভাৰতে আদৰণি জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতি যোগে কৈছে যে এই বৈঠকে ইউক্রেইনৰ বৰ্তমানৰ সংঘৰ্ষৰ অৱসানৰ প্ৰতিশ্ৰুতি আৰু শান্তিৰ সম্ভাৱনা কঢ়িয়াই আনিছে। বিবৃতিটোত লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভ...

August 3, 2025 8:20 PM

views 66

ইজৰাইলৰ সৈতে যুদ্ধ বিৰতিৰ পাছত ইৰাণৰ আকাশমার্গ বিমান চলাচলৰ বাবে মুকলি

ইজৰাইলৰ সৈতে হোৱা যুদ্ধ বিৰতিৰ পাছত ইৰাণে দেশখনৰ আকাশমার্গ বিমান চলাচলৰ বাবে সম্পূর্ণভাৱে মুকলি কৰি দিছে। ইৰাণৰ অসামৰিক বিমান পৰিবহণ সংস্থাই জনোৱা মতে সম্প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। তেহৰানৰ মেহৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ২৪ ঘণ্টীয়া বিমান সেৱ...

August 3, 2025 7:47 PM

views 60

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী লুইছ আৰনেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্রী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায় প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব। উল্লেখযোগ্য যে ফিলিপিনছৰ ৰাষ্ট্ৰপতি...

August 3, 2025 7:42 PM

views 79

ৰাছিয়াৰ কামচাটকা উপদ্বীপত থকা ক্র’ছেনিনিক’ভ আগ্নেয়গিৰি ৬০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উদগিৰণ

ৰাছিয়াৰ কামচাটকা উপদ্বীপত থকা ক্র’ছেনিনিক’ভ আগ্নেয়গিৰি আজি ৬০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উদগিৰণ হয়। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে ৰাছিয়াৰ সময় অনুসৰি পুৱতি নিশা ২ বাজি ৫০ মিনিটত এই উদগিৰণ হয় যাৰ বাবে সমুদ্রপৃষ্ঠৰ ৪ মিটাৰ ওপৰলৈ ছাইৰ ডাৱৰে আৱৰি ধৰে। আগ্নেয়গিৰি উদগিৰণৰ বাবে বিমান পৰিবহণত ব্যাঘাত জ...

August 2, 2025 12:57 PM

views 48

পাকিস্তানৰ লাহোৰত ৰে’লৰ কেইবাটাও দবা লাইনচ্যুত হোৱাত কমেও ৩০জন যাত্রী আহত

পাকিস্তানৰ লাহোৰত কালি সন্ধিয়া এখন ৰে'লৰ কেইবাটাও ডবা লাইনচ্যুত হোৱাৰ ফলত কমেও ৩০ জন যাত্রী আহত হয়। পাকিস্তান ৰে'লৱেই প্ৰকাশ কৰা অনুসৰি ৰাৱলপিণ্ডিৰ পৰা লাহোৰ অভিমুখে গৈ থকা ইছলামাবাদ এক্সপ্ৰেছ ৰে'লখনৰ শ্বেইখুপুৰাৰ কালাছাহ কাকু অঞ্চলত প্ৰায় ১০টা দবা লাইনচ্যুত হয়। অঞ্চলটোত এতিয়াও উদ্ধাৰ অভিযান অব...

August 2, 2025 12:53 PM

views 52

আয়াৰলেণ্ডত থকা ভাৰতীয় নাগৰিকক বিশেষভাৱে সতৰ্ক হ’বলৈ ভাৰতীয় দূতাবাসৰ পৰামৰ্শ

ডাবলিনত থকা ভাৰতীয় দূতাবাসে আয়াৰলেণ্ডত বাস কৰা সকলো ভাৰতীয় নাগৰিকক ব্যক্তিগত সুৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ'বলৈ আৰু পৰাপক্ষত নিৰ্জন স্থানত নাযাবলৈ পৰামৰ্শ দিছে। ভাৰতীয় দূতাবাসে কালি জাৰি কৰা এটা নিৰ্দেশত উল্লেখ কৰা মতে আয়াৰলেণ্ডত শেহতীয়াকৈ ভাৰতীয় নাগৰিকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনা বৃদ্...

August 1, 2025 8:56 PM

views 53

ভাৰত আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য-ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ আৰোপ কৰা শুল্ক বিষয়ক এখন কাৰ্যকৰী নিৰ্দেশনাত ড’নাল্ড ট্রাম্পৰ স্বাক্ষৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি ভাৰত আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য-ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ আৰোপ কৰা শুল্ক বিষয়ক এখন কাৰ্যকৰী নিৰ্দেশনাত স্বাক্ষৰ কৰিছে। ট্রাম্পৰ এই নিৰ্দেশনাত পাৰস্পৰিক শুল্কৰ হাৰ উন্নীতকৰণ হিচাপে নামাকৰণ কৰা হৈছে। অহা ৭ আগষ্টৰ পৰা ৪১ শতাংশ হাৰ বৃদ্ধিৰে এই ব্যৱস্থ...

July 31, 2025 9:42 AM

views 39

ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘত পেলেষ্টাইনী ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ পৰিকল্পনা কানাডাৰ

অহা ছেপ্তেম্বৰত কানাডাই ৰাষ্ট্ৰসংঘত পেলেষ্টাইনী ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিবলৈ ঘোষণা কৰা কানাডা হৈছে জি-ছেভেনৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহৰ তৃতীয়খন ৰাষ্ট্র। অৱেশ্য কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কাৰ্নীয়ে কয়, যে এই সিদ্ধান্ত গণতান্ত্রিক সংস্কাৰৰ লগতে ...

July 28, 2025 5:08 PM

views 59

আমেৰিকা-চীনৰ বাণিজ্যিক চুক্তিৰ ম্যাদ আৰু ৯০ দিন বৃদ্ধি কৰিবলৈ সন্মত হোৱাৰ সম্ভাৱনা

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে আজি ছুইডেনৰ ষ্টকহ’মত নতুন লানি বাণিজ্যিক আলোচনা আৰম্ভ কৰিব। বিশ্বৰ বৃহত্তম অর্থনীতিৰ ৰাষ্ট্ৰ দুখনে বাণিজ্যিক চুক্তিৰ ম্যাদ আৰু ৯০ দিন বৃদ্ধি কৰিবলৈ সন্মত হোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেচেণ্ট আৰু চীনৰ উপ-প্রধানমন্ত্ৰী হে লিফেঙে আলোচনাৰ নেতৃত্ব দিব । বৰ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।