ডাবলিনত থকা ভাৰতীয় দূতাবাসে আয়াৰলেণ্ডত বাস কৰা সকলো ভাৰতীয় নাগৰিকক ব্যক্তিগত সুৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হ’বলৈ আৰু পৰাপক্ষত নিৰ্জন স্থানত নাযাবলৈ পৰামৰ্শ দিছে। ভাৰতীয় দূতাবাসে কালি জাৰি কৰা এটা নিৰ্দেশত উল্লেখ কৰা মতে আয়াৰলেণ্ডত শেহতীয়াকৈ ভাৰতীয় নাগৰিকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনা বৃদ্ধি পাইছে। দূতাবাসে এই সংক্ৰান্তত দেশখনৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কথা বতৰা হৈছে বুলি প্ৰকাশ কৰিছে।
Assamese | August 2, 2025 12:53 PM | Indian Embassy at Ireland
আয়াৰলেণ্ডত থকা ভাৰতীয় নাগৰিকক বিশেষভাৱে সতৰ্ক হ’বলৈ ভাৰতীয় দূতাবাসৰ পৰামৰ্শ