অহা ছেপ্তেম্বৰত কানাডাই ৰাষ্ট্ৰসংঘত পেলেষ্টাইনী ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিবলৈ ঘোষণা কৰা কানাডা হৈছে জি-ছেভেনৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহৰ তৃতীয়খন ৰাষ্ট্র। অৱেশ্য কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কাৰ্নীয়ে কয়, যে এই সিদ্ধান্ত গণতান্ত্রিক সংস্কাৰৰ লগতে পেলেষ্টাইন কর্তৃপক্ষই হামাছক জড়িত নকৰোৱাকৈ অহা বছৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱা পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব। যদিহে ইজৰাইলে যুদ্ধ বিৰতি আৰু অন্যান্য চৰ্ত পূৰণ কৰিবলৈ সন্মত নহয় তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰই পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই ঘোষণাৰ এদিন পাছতেই কানাডাৰ এই একেই ঘোষণাই তাৎপর্য বহন কৰিছে। ফ্রান্সেও যোৱা সপ্তাহত এই একেধৰণৰ ঘোষণা আগবঢ়াইছিল। ৰাষ্ট্ৰসংঘৰ ১৯৩ খন সদস্য দেশৰ প্ৰায় ১৫০ খন দেশেই পেলেষ্টাইন ৰাষ্ট্ৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে।
Assamese | July 31, 2025 9:42 AM | palestine canada un
ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘত পেলেষ্টাইনী ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ পৰিকল্পনা কানাডাৰ