ইজৰাইলৰ সৈতে হোৱা যুদ্ধ বিৰতিৰ পাছত ইৰাণে দেশখনৰ আকাশমার্গ বিমান চলাচলৰ বাবে সম্পূর্ণভাৱে মুকলি কৰি দিছে। ইৰাণৰ অসামৰিক বিমান পৰিবহণ সংস্থাই জনোৱা মতে সম্প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। তেহৰানৰ মেহৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ২৪ ঘণ্টীয়া বিমান সেৱা পুনৰ আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা ১৩ জুনত ইৰানে ইজৰাইলৰ বিমান আক্ৰমণৰ পাছত আকাশমার্গ বিমান চলাচলৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল।
Assamese | August 3, 2025 8:20 PM | Iran AIrspace
ইজৰাইলৰ সৈতে যুদ্ধ বিৰতিৰ পাছত ইৰাণৰ আকাশমার্গ বিমান চলাচলৰ বাবে মুকলি