পাকিস্তানে ভাৰতৰ বিমানৰ বাবে ইয়াৰ আকাশমার্গ বন্ধ কৰি দিয়াৰ পাছত যোৱা ২৪ এপ্ৰিলৰ পৰা ৩০ জুনৰ সময়ছোৱাত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। দেশখনৰ নেচনেল এছেম্বলিত চলিত সপ্তাহত এই তথ্য প্ৰকাশ কৰা হৈছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রালয়ে এই সন্দৰ্ভত কয় যে এনে লোকচান হোৱা সত্তেও চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। আকাশমার্গ বন্ধ ৰখা এই ব্যৱস্থা বৰ্তমানেও কাৰ্যকৰী হৈ আছে। ভাৰতেও অনুৰূপ ধৰণে ইয়াৰ আকাশমার্গ বন্ধ ৰাখি এইবুলি মত প্ৰকাশ কৰিছে যে দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাক সুৰক্ষিত কৰাৰ স্বাৰ্থত কোনো পৰিমাণৰ আর্থিক মূল্যই অত্যাধিক হব নোৱাৰে। উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন অসামৰিক লোক নিহত হোৱাৰ পাছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই আক্ৰমণৰ ফলস্বৰূপে ভাৰতে অপাৰেছন সিন্দূৰ ৰূপায়ণ কৰাৰ লগতে পাকিস্তানৰ সৈতে বাণিজ্যিক আৰু কূটনৈতিক সম্পর্কত যতি পেলাইছিল।
Assamese | August 10, 2025 7:26 PM | Pakistan Loses Rs 127 crore
পাকিস্তানে ভাৰতৰ বিমানৰ বাবে আকাশমার্গ বন্ধ কৰি দিয়াত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন