July 12, 2026 11:55 AM

views 8

ভেনেজুৱেলাত ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৩৩লৈ বৃদ্ধি

ভেনেজুৱেলাত যোৱা ২৪ জুনত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩৩৩লৈ বৃদ্ধি পাইছে। নেশ্যনেল এছেম্বলীৰ অধ্যক্ষ জৰ্জ ৰদ্ৰিগছে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত ক্ষতিগ্রস্ত লোকসকলৰ বাবে অহা সপ্তাহৰ পৰা থকা ঘৰৰ ব্যবস্থা কৰা হ'ব। ইপিনে এই ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰৰ ৩১৫টা শৱদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা ...

July 12, 2026 11:53 AM

views 7

জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰা বিষয়টোক বিজেপিৰ সমালোচনা

BJP এ নেশ্যনেল কনফাৰেন্স পার্টীৰ বিধায়ক সকলক নিজ দললৈ নিয়াৰ চেষ্টা চলাই থকা বুলি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰাৰ বিষয়টোক বিজেপিয়ে সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিৱেদিয়ে কৈছে যে, ওমৰ আব্দুল্লাই এটা দায়িত্বহীন মন্তব্য দ...

July 12, 2026 11:44 AM

views 2

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰনে ছুইগি ইনষ্টামাৰ্টলৈ ৯ খন জাননী জাৰি

খাদ্য সুৰক্ষা আৰু মান আইন ২০০৬ৰ অধীনত নিয়ম উলংঘা কৰা বুলি একাংশ গ্রাহকে দাখিল কৰা অভিযোগৰ পিছত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰনে ছুইগি ইনষ্টামাৰ্টলৈ ৯ খন জাননী জাৰি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰাধিকৰনে কয় যে খাদ্য ব্যৱসায় পৰিচালকক বিষদভাৱে অৱগত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া ...

July 12, 2026 11:41 AM

views 9

ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পর্যন্ত হৰমুজ প্রণালী বন্ধ কৰিছে

ইৰাণৰ সামৰিক বাহিনী আই আৰ জি চিয়ে ছাইপাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সেনা বাহিনীয়ে প্ৰকাশ কৰিছে, যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ নিৰ্দেশ মর্মে এই আক্রমণ চলোৱা হৈছে। আমেৰিকাই প্ৰকাশ কৰা মতে, ইৰাণে বাণিজ্যিক জাহাজৰ ওপৰত...

July 12, 2026 11:36 AM

views 8

ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানৰ ফুকক দ্বীপৰ সমীপত নাও দুর্ঘটনাত ১৫ জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নির্দেশ

ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে ফু কক দ্বীপৰ সমীপত নাও দুর্ঘটনাত ১৫ জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নির্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনছুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্রধানমন্ত্রী হানে কর্তৃপক্ষক দুর্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা...

July 12, 2026 11:25 AM

views 18

মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক অসমৰ ৰাজ্যপালৰ সম্বর্ধনা জ্ঞাপন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি লোক ভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্ব সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক সম্বর্ধনা জ্ঞাপন কৰে। এই অসাধাৰণ সাফল্যৰ বাবে গড়ক অভিনন্দন জনায় ৰাজ্যপালগৰাকীয়ে কয়, যে পৰ্বতাৰোহীগৰাকীৰ এই কৃতিত্ব অদম্য সাহস, দৃঢ়তা আৰু উদ্যমৰ উজ্জ্বল...

July 12, 2026 11:19 AM

views 22

নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্রিম বান সমস্যা, নলা-নর্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পর্যবেক্ষণ কৰে

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটিয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্রিম বান সমস্যা, নলা-নর্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পর্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকে। শ্ৰীৰায়ে বৰষুণৰ পাছতেই নলা-নর্দমাৰে পানী ওলা...

July 12, 2026 11:11 AM

views 18

নদীৰ গতি প্রকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাৰ প্রকাশ

বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ আৰু নদীৰ গতি প্রকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাই প্রকাশ কৰিছে। ডিব্ৰুগড় জিলা পুঁথিভৰাল প্রেক্ষাগৃহত জাতীয় যৌথ মঞ্চৰ উদ্যোগত আয়োজিত নাগৰিক অভিৱৰ্তনত অংশ লৈ কালি নদী বিশেষজ্ঞ গৰাকীয়ে কয়,...

July 12, 2026 11:05 AM

views 12

ড° ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল-সলনি ঘটোৱা হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ড০ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল-সলনি ঘটোৱা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সমন্বয় তীৰ্থত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তর্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱ...

July 11, 2026 8:58 PM

views 6

যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্রকাশ নাৰায়ণ হৈছে এগৰাকী মহান স...