ড০ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল-সলনি ঘটোৱা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে।
সমন্বয় তীৰ্থত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তর্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড° শৰ্মাই কয়, যে চৰকাৰে সুধাকণ্ঠৰ সৃষ্ঠিৰাজিৰ চৰ্চাকে ধৰি আন সাংস্কৃতিক কার্যসূচী গ্রহণেৰে সম্বয় তীৰ্থক প্রাণৱন্ত কৰি ৰখাৰ বাবে পদক্ষেপ লাব। তেওঁ কয়, যে সমন্বয় সোধটোৰ কিছু সালসলনি কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে সমন্বয়ক্ষেত্রত অগমেন্টেদ ৰিয়েলিটি, ভার্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্রযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা দিয়া হ’ব বুলি প্রকাশ কৰে। ডিজিটেল প্রযুক্তিৰ জৰিয়তে নৰ প্ৰজন্মক সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ড° শর্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্রত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।
মুখ্যমন্ত্রীয়ে কয়, যে সমন্বয় ক্ষেত্রখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ’ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবার্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁৰ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব।
ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টনবজাৰত নির্মীয়মান অসম আৰক্ষী ৰিজার্ভ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। ৬০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী চাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ড° শর্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।
পাছত মুখ্যমন্ত্রীয়ে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্রীয়ে ৩৬০ কোটি টকা ব্যয়সাপেক্ষে চলি থকা আধুনিকীকৰণৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ লগতে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা তিনিটা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰ বুজ লয়।