July 12, 2026 11:05 AM
4
ড° ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল-সলনি ঘটোৱা হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ
ড০ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল-সলনি ঘটোৱা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সমন্বয় তীৰ্থত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তর্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড° শৰ্মাই কয়, যে চৰকাৰে সুধাকণ্ঠৰ সৃষ্ঠিৰাজিৰ চৰ্চাকে ধৰি আন সাংস্কৃতিক কার্যসূচী গ্রহণেৰে সম্বয় তীৰ্থক প্রাণৱন্ত কৰি ৰখাৰ বাবে পদক্ষেপ লাব। তেওঁ কয়, যে সমন্বয় সোধটোৰ কিছু সালসলনি কৰি শিল্...