গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটিয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্রিম বান সমস্যা, নলা-নর্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পর্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকে। শ্ৰীৰায়ে বৰষুণৰ পাছতেই নলা-নর্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা ক্ষিপ্ৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে।
উল্লেখযোগ্য যে, কালি নিশা অহা বৰষুণৰ ফলত মহানগৰৰ চানমাৰি, হাতীগাঁও, জটিয়া, কাহিলিপাৰা, মালিগাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি বিভিন্ন স্থানত কৃত্রিম বানৰ সৃষ্টি হয়।