July 13, 2026 6:19 PM

views 10

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়ে কালি যাত্রা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান-বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান-বাহনসমূহ ডিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰ...

July 12, 2026 11:19 AM

views 22

নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্রিম বান সমস্যা, নলা-নর্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পর্যবেক্ষণ কৰে

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটিয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্রিম বান সমস্যা, নলা-নর্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পর্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকে। শ্ৰীৰায়ে বৰষুণৰ পাছতেই নলা-নর্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা ক্ষিপ্ৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে। উল্লেখযোগ্য যে, কালি নিশা অহা বৰষুণৰ ফলত মহানগৰৰ চানমাৰি, হাতীগাঁও, জটি...

September 1, 2024 9:16 PM

views 55

কৃত্ৰিম বানৰ ফলত মহানগৰীৰ  জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত

গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কালি সন্ধিয়াৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। মহানগৰীখনৰ জু-ৰোড, ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, কাহিলীপাৰা, নুনমাটি, হাতীগাঁও, বেলতলা পথ, যোৰাবাটকে ধৰি কেইবাটাও মূল পথত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ আহ-যাহত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। ফলত কোনো কোনো ঠাইত জনসাধাৰণ নিজ গৃহত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। মহানগৰীৰ বিভিন্ন স্থানত পথচাৰীৰ লগতে বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল অধিক সমস্যাৰ সন্মুখীন হৈছে। মেঘালয...

September 1, 2024 12:37 PM

views 33

ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন

পুৱাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন হৈ পৰিছে। চানমাৰি, জু-ৰোড, হাতীগাঁও, কক্মিণীগাঁও আদি এলেকা কৃত্রিম বানত বুৰ যোৱাৰ লগতে জনসাধাৰণৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ কেইবাখনো ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অহা বুধবাৰলৈ প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে। কেন্দ্ৰীয় চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰ্যালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যৌথভাৱে জাৰি কৰা জাননী যোগে ধাৰাষাৰ বৃষ্টিপাতৰ...