ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে ফু কক দ্বীপৰ সমীপত নাও দুর্ঘটনাত ১৫ জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নির্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনছুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্রধানমন্ত্রী হানে কর্তৃপক্ষক দুর্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল’বলৈ নির্দেশ দিছে। কোনো লোকে নিয়ম উলংঘা কৰাৰ ফলত এই দুর্ঘটনা হোৱা বুলি চিনাক্ত হ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰিবলৈও প্ৰধানমন্ত্ৰীগৰাকীয়ে কর্তৃপক্ষক নির্দেশ দিয়ে।
তেওঁ লগতে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক সহায় আগবঢ়াবলৈ নির্দেশ দিছে। কনছুলেট জেনেৰেলে কয় যে আহতসকলৰ চিকিৎসাৰ বাবে প্রয়োজনীয় সকলো চিকিৎসা প্রদান, অধিক প্রাণহানি ৰোধ তথা দুর্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সহায় আৰু সমর্থন আগবঢ়াবলৈ প্রধানমন্ত্রী হানে নির্দেশ দিছে।
উল্লেখযোগ্য যে, ৪ গৰাকী ক্রু সদস্যকে ধৰি মুঠ ৩৬ জন লোকক লৈ যোৱা স্পীডবোটখন কালি ৰুট নংগোই দ্বীপপুঞ্জৰ ওচৰত সাগৰৰ ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতে এই মর্মান্তিক দুর্ঘটনাটো সংঘটিত হয়।
স্থানীয় কর্তৃপক্ষই ২১ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ২ গৰাকী মহিলাকে ধৰি ১৫ জন ভাৰতীয় লোকৰ মৃত্যু হয়। ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে এই তালিকা প্রকাশ কৰিছে। মৃত্যু হোৱা ১৫ জনৰ ভিতৰত ১০ জন তামিলনাডুৰ, ৩ জন অন্ধ্র প্রদেশৰ, আৰু ২ জন কেৰালাৰ বুলি জানিব পৰা গৈছে।