BJP এ নেশ্যনেল কনফাৰেন্স পার্টীৰ বিধায়ক সকলক নিজ দললৈ নিয়াৰ চেষ্টা চলাই থকা বুলি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰাৰ বিষয়টোক বিজেপিয়ে সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিৱেদিয়ে কৈছে যে, ওমৰ আব্দুল্লাই এটা দায়িত্বহীন মন্তব্য দিছে, যিটো অত্যন্ত নিন্দনীয়।
শ্রীত্রিৱেদিয়ে এইবুলি অভিযোগ কৰিছে যে, শ্রীআব্দুল্লাই তেওঁৰ চৰকাৰৰ অসমৰ্থতা আৰু অপশাসন ঢাকিবলৈ আৰু এই বিষয়সমূহৰ পৰা জনসাধাৰণৰ মনযোগ আঁতৰাবলৈ এইধৰণৰ যুক্তিহীন অভিযোগ উত্থাপন কৰিছে। ওমৰ আব্দুল্লাই কৰা অভিযোগৰ যথোচিত প্রমাণ দিয়া অথবা নিজৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বিজেপিৰ নেতা গৰাকীয়ে দাবী উত্থাপন কৰিছে।