বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ আৰু নদীৰ গতি প্রকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাই প্রকাশ কৰিছে। ডিব্ৰুগড় জিলা পুঁথিভৰাল প্রেক্ষাগৃহত জাতীয় যৌথ মঞ্চৰ উদ্যোগত আয়োজিত নাগৰিক অভিৱৰ্তনত অংশ লৈ কালি নদী বিশেষজ্ঞ গৰাকীয়ে কয়, যে পৰম্পৰাগত মথাউৰি অথবা সাময়িক প্ৰতিৰোধমূলক কাৰ্যৰে খহনীয়াৰ স্থায়ী সমাধান কেতিয়াও সম্ভৱ নহয়।
ব্ৰহ্মপুত্ৰৰ উৎপত্তি, ইয়াৰ ভৌগোলিক আৰু গাঁথনিগত চৰিত্ৰৰ বিষয়ে বিশদভাবে ব্যাখ্যা কৰি ড° শৰ্মাই ৰাজ্যৰ বান সমস্যা ৰোধৰ বাবে নদীৰ গভীৰ ভূ-তাত্বিত অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাগৰিক সমাজে জিঅ’ বেগ ব্যৱহাৰ কৰাৰ পাছতো জিলাখনত খহনীয়া প্ৰতিৰোধ নোহোৱাক লৈ উদ্বেগ প্রকাশ কৰে।
তেওঁলোকে লগতে চৰকাৰক শীঘ্ৰেই বিকল্প বিজ্ঞানসন্নত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক পদ্ধতিগতভাৱে আগবঢ়াই নিয়াৰ বাবে বৃহত্তৰ ডিব্ৰুগড় বান-খহনীয়া সুৰক্ষা সমিতি গঠনৰ বাবে এই অনুষ্ঠানতে সর্বসম্মতি ক্রমে সিদ্ধান্ত গ্রহণ কৰা হয়।