July 12, 2026 11:11 AM

views 33

নদীৰ গতি প্রকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাৰ প্রকাশ

বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ আৰু নদীৰ গতি প্রকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাই প্রকাশ কৰিছে। ডিব্ৰুগড় জিলা পুঁথিভৰাল প্রেক্ষাগৃহত জাতীয় যৌথ মঞ্চৰ উদ্যোগত আয়োজিত নাগৰিক অভিৱৰ্তনত অংশ লৈ কালি নদী বিশেষজ্ঞ গৰাকীয়ে কয়, যে পৰম্পৰাগত মথাউৰি অথবা সাময়িক প্ৰতিৰোধমূলক কাৰ্যৰে খহনীয়াৰ স্থায়ী সমাধান কেতিয়াও সম্ভৱ নহয়। ব্ৰহ্মপুত্ৰৰ উৎপত্তি, ইয়াৰ ভৌগোলিক আৰু গাঁথনিগত চৰিত্ৰৰ বিষয়ে বিশদভাবে ব্যাখ্যা কৰি ড° শৰ্মাই ৰাজ্যৰ বান ...

December 10, 2025 9:04 PM

views 51

গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত ৫ জন লোক সন্ধানহীন

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত আজি বিয়লি ৫ জন লোক সন্ধানহীন হৈছে। এন ডি আৰ এফে লোককেইজনৰ সন্ধানত নাৱেৰে অভিযান অব্যাহত ৰাখিছে। আমাৰ সংবাদদাতাই জনোৱা মতে, জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প্ৰতিষ্ঠানলৈ যোৱা ৯ জন লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে ৪ জনে কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও ৫ জনৰ এতিয়ালৈকে সন্ধান পোৱা হোৱা নাই ৷