ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পর্যন্ত হৰমুজ প্রণালী বন্ধ কৰিছে

ইৰাণৰ সামৰিক বাহিনী আই আৰ জি চিয়ে ছাইপাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সেনা বাহিনীয়ে প্ৰকাশ কৰিছে, যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ নিৰ্দেশ মর্মে এই আক্রমণ চলোৱা হৈছে।

আমেৰিকাই প্ৰকাশ কৰা মতে, ইৰাণে বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ পাছৰে পৰা চালক দলৰ এগৰাকী সদস্য সন্ধানহীন হৈ আছে আৰু জাহাজখনত হোৱা অগ্নিকাণ্ডৰ ফলত ভালেখিনি ক্ষতি হৈছে।

ইপিনে, ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পর্যন্ত হৰমুজ প্রণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে, এখন জাহাজে অকর্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্রিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে, যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজক হৰমুজ প্রণালীৰে আহ-যাহৰ অনুমতি দিয়া নহ’ব।

হৰমুজ প্রণালীৰ ঘটনাৱলীক লৈ আমেৰিকাই ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলি দেশখনৰ নৌসেনা বাহিনীয়ে সকীয়াই দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই হৰমুজ প্রণালী মুকলি কৰা হৈছে আৰু সামুদ্রিক পথটোৰে আহ-যাহ কৰা কোনো জাহাজৰ ওপৰত এতিয়া আৰু আক্ৰমণ কৰা নহয় বুলি ইৰাণে ৰাজহুৱাভাবে ঘোষণা কৰাটো বিচাৰিছে। আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্রকাশ কৰা মতে, ইৰাণৰ ক্ষমতা কেন্দ্রিক অভ্যন্তৰীন সংঘৰ্ষৰ বাবে কোনো চুক্তিত উপনীত হোৱাত অসুবিধা হৈছে।

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কৈছে, যে উত্তেজনা স্বত্বেও ইৰাণৰ সৈতে আলোচনা অব্যাহত থাকিব। অঞ্চলটোত নতুনকৈ সংঘৰ্ষৰ সূত্রপাত হোৱাৰ বাবে সৃষ্টি হোৱা উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে বিবৃতি দিছে।

ইৰাণে কৈছে, যে হৰমুজ প্রণালী দেশখনৰ নিয়ন্ত্ৰণতে থাকিব আৰু সমুদ্র পথটোৰে অহা-যোৱা কৰা জাহাজসমূহে শুল্ক আদায় দিব লাগিব। ইফালে ওমানে হৰমুজ প্রণালীৰে জাহাজ চলাচলৰ বাবে দুটা সুকীয়া পথৰ প্ৰস্তাৱ দিছে। এটা ইৰাণৰ জলৰাশি আৰু আনটো ওমানৰ জলৰাশিৰ মাজেৰে। অৱশ্যে, ইৰাণে এই প্ৰস্তাৱ খাৰিজ কৰিছে।