♦উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা ২২ মে’ৰ বিয়লি ৫ বজা পর্যন্ত ahsec.assam.gov.inত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে মাছুলো অনলাইনযোগে আদায় কৰিব লাগিব।
Assamese | May 18, 2024 10:06 PM | AHSEC | Assam | Assam Education | Guwahati | HS Result
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে অনলাইনৰ জৰিয়তেহে আবেদন কৰিব লাগিব