ৰাজ্যৰ জ্যেষ্ঠ এ চি এছ বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কৰ্তব্যত অৱহেলা, উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশ অৱমাননা আৰু কৰ্মস্থলীত নিয়মিতভাৱে উপস্থিত নথকাৰ অভিযোগত চক্ৰৱৰ্তীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হয়। উল্লেখযোগ্য যে ২০১১ চনৰ ২২ জুলাইত বিষয়াগৰাকীক নিলম্বন কৰা হৈছিল।
শীৰ্ষ বিষয়াৰ নিৰ্দেশৰ পাছতো নিৰ্বাচনী বৈঠকত উপস্থিত নথকা, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্বপূৰ্ণ দায়িত্ব সময়মতে পালন নকৰা আৰু কাৰ্যালয়ত সুৰাপান কৰাৰ অভিযোগত চক্ৰৱৰ্তীক সেই সময়ত নিলম্বন কৰা হৈছিল।
পৰৱৰ্তী সময়ত বিভাগীয় তদন্তৰ বাবে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ড০ ৰৌচনাৰা বেগমক দায়িত্ব দিয়া হয়। ২০১৮ চনৰ ২২ মে’ত ড০ ৰৌচনাৰা বেগমে চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সত্য বুলি প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে আত্মপক্ষ সমর্থনৰ বাবে অৰূপ কুমাৰ চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী জাৰি কৰা হয়।
২০১৮ চনৰ পৰা এই বছৰৰ জানুৱাৰী মাহলৈকে চক্ৰৱৰ্তীলৈ কেইবাবাৰো জাননী প্ৰেৰণ কৰাৰ পাছতো তেওঁ কোনো সঁহাৰি নিদিলে। অৱশেষত পৰহি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।