ভাৰতে তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত জিম্বাব’বেক ৭ উইকেটত পৰাস্ত কৰে

ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাব’ৱেক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূর্যবংশীৰ ১৯টা বলত কৰা আকর্ষণীয় অর্ধশতকৰ সহায়ত ১৩ অভাৰ আৰু দুটা বলত অনায়াসে ১২৬ ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়।

ইয়াৰ পূৰ্বে জিম্বাব’বেই প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত সাতটা উইকেট হেৰুৱাই ১২৫ ৰাণ সংগ্ৰহ কৰে। জিম্বাব’ৱেৰ হৈ ডব্লিউ মাধাৱেৰে সৰ্বাধিক ৩৯ ৰাণ কৰে। ভাৰতৰ ময়ংক যাদৱ আৰু প্রিন্স যাদৱে দুটাকৈ উইকেট দখল কৰে। ভাৰতীয় দলটোৱে অহা কাইলৈ আৰু পৰহিলৈ একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল’ব।