October 28, 2026 12:48 PM
6
ভাৰত-জিম্বাব’ৱেৰ মহিলা ক্রিকেট দলৰ আজি তৃতীয় তথা অন্তিমখন এদিনীয়া খেল
ভাৰত আৰু জিম্বাব'ৱেৰ মহিলা ক্রিকেট দলৰ মাজৰ তৃতীয় তথা অন্তিমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল আজি বডোদৰাত অনুষ্ঠিত হ'ব। খেলখন দিনৰ ২ বজাত আৰম্ভ হ'ব। শৃংখলাটোত সম্প্ৰতি ঘৰুৱা দল ভাৰত ২-০ ফলফলাত আগবাঢ়ি আছে। যোৱা দেওবাৰে অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতে জিম্বাব'ৱেক ১২১ ৰানত পৰাস্ত কৰে।