মহিলাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিখনীয়া শৃংখলাত ভাৰতে জিম্বাব’ৱেক ৩-০ ফলাফলত পৰাস্ত কৰি শৃংখলা দখল কৰিছে। ৰায়পুৰত যোৱা নিশা অনুষ্ঠিত প্রতিযোগিতাৰ অন্তিমখন খেলত ভাৰতে ৯২ ৰানত জয়লাভ কৰে।
ভাৰতে প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২১৬ ৰান সংগ্ৰহ কৰে। হৰমনপ্রীত কৌৰে ৪১টা বলত ৯১ ৰান কৰি অপৰাজিত হৈ থকাৰ লগতে শেফালী বাৰ্মাই ৬৯ ৰানৰ বৰঙণি আগবঢ়ায়।
প্রত্যুত্তৰত জিম্বাব’ৱেই নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১২৪ ৰানহে কৰিবলৈ সমর্থ হয়। দলৰ হৈ শ্বার্নে মায়াছে ৬০ ৰান কৰে। ভাৰতৰ নন্দিনী শর্মাইসর্বাধিক ৩টা উইকেট দখল কৰে। হৰমনপ্রীত কৌৰক প্লেয়াৰ অৱ দা মেচ আৰু শেফালী বাৰ্মাক প্লেয়াৰ অব দা ছিৰিজ ঘোষণা কৰা হয়।
ভাৰত আৰু জিম্বাব’ৱেৰ মাজত তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰথমখন খেল পৰহিলৈ বডোডৰাত অনুষ্ঠিত হ’ব।