ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাব’ৱেৰ হাৰাৰেত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি ৪.৩০ বজাত আৰম্ভ হ’ব। আয়োজক দেশ জিম্বাব’ৱেই প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰি আছে। কালিৰ উদ্বোধনী খেলখনত ছিকন্দ্ৰৰ ৰাজা নেতৃত্বাধীন জিম্বাব’ৱেই ভাৰতক ১৩ ৰানত পৰাজিত কৰে। খেলখনত জিম্বাব’ৱেই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ১১৫ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ১৯ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১০২ ৰানহে কৰিবলৈ সক্ষম হয়।
Assamese | July 7, 2024 11:44 AM | India-Zimbabwe Cricket Series
জিম্বাব’ৱেৰ হাৰাৰেত ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ চলিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল