সমাজকর্মী সোনম বাংচুকে যোৱা নিশা গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত কেন্দ্রীয় মন্ত্রী জেপি নাড্ডা আৰু ড০ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ২৬ দিনৰ অন্তত অনির্দিষ্টকালীন অনশন ভংগ কৰে। অনশন ভংগৰ সময়ত বাংচুকৰ পত্নী গীতাঞ্জলি আংমো আৰু লেহ লাডাখৰ শীৰ্ষ নিকায়ৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে।
ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ ৬৫ গৰাকী সাংসদে ৱাংচুকক সাক্ষাৎ কৰি অথবা পত্ৰ প্ৰেৰণ কৰি অনশন প্রত্যাহাৰ কৰিবলৈ আহ্বান জনায়। শ্রীৱাংচুকে কয় যে বিভিন্ন চর্ত সম্পর্কে চলা দীঘলীয়া আলোচনাৰ অন্তত তেওঁ অনশন প্রত্যাহাৰ কৰে। তেওঁ লগতে কোনো ধৰণৰ হিংসাৰ বিৰুদ্ধে সকলোকে সতর্ক হৈ থাকিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে শ্রীবাংচুকে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু প্ৰশ্নকাকত ফাদিল ঘটনাৰ উত্তৰদায়িত্ব নিশ্চিত কৰাৰ দাবীত যোৱা ২৮ জুনৰ পৰা অনির্দিষ্টকালীন অনশন অব্যাহত ৰাখিছিল।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমাজকর্মী সোনম বাংচুকক চিকিৎসকসকলে দিয়া পৰামৰ্শ অনুযায়ী নৈমিত্তিক কাম-কাজ কৰি যাবলৈ আৰু শীঘ্ৰেই শৰীৰৰ পূৰ্বৰ ওজন প্ৰাপ্তিৰ বাবে চেষ্টা চলাবলৈ আহ্বান জনাইছে। শ্রীমোদীয়ে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৱাংচুকৰ সুস্বাস্থ্যৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।