July 24, 2026 9:45 AM

views 20

সমাজকর্মী সোনম ৱাংচুকে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু ড০ জিতেন্দ্র সিঙৰ উপস্থিতিত অনির্দিষ্টকালীন অনশন ভংগ কৰে

সমাজকর্মী সোনম বাংচুকে যোৱা নিশা গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত কেন্দ্রীয় মন্ত্রী জেপি নাড্ডা আৰু ড০ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ২৬ দিনৰ অন্তত অনির্দিষ্টকালীন অনশন ভংগ কৰে। অনশন ভংগৰ সময়ত বাংচুকৰ পত্নী গীতাঞ্জলি আংমো আৰু লেহ লাডাখৰ শীৰ্ষ নিকায়ৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ ৬৫ গৰাকী সাংসদে ৱাংচুকক সাক্ষাৎ কৰি অথবা পত্ৰ প্ৰেৰণ কৰি অনশন প্রত্যাহাৰ কৰিবলৈ আহ্বান জনায়। শ্রীৱাংচুকে কয় যে বিভিন্ন চর্ত সম্পর্কে চলা দীঘলীয়া আলোচনাৰ অন্তত তেওঁ অনশন প্রত্যাহাৰ কৰে। তেওঁ...